ETV Bharat / state

বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচাৰ মনোনয়ন দাখিল - বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচা

হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে শক্তি প্ৰদৰ্শন কৰি মনোনয়ন পত্ৰ দাখিল বিজেপি নন্দিতা গাৰ্লোচাৰ । হাফলঙস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা এক ৰেলী উলিয়াই জিলা উপায়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচাই । বিজেপি দলৰ চৃড়ান্ত প্ৰাৰ্থীৰ তালিকাত ১৬ নম্বৰ হাফলং উপজাতি সংৰক্ষিত বিধানসভা সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্য নিৰ্বাহক সদস্য তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য নিৰ্বাহক সদস্য নন্দিতা গাৰ্লোচাক মনোনীত কৰে ।

হাফলঙত বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাৰ মনোনয়ন দাখিল

author img

By

Published : Mar 10, 2021, 4:22 PM IST

Updated : Mar 10, 2021, 4:54 PM IST

ডিমা হাছাও,১০ মাৰ্চ: শক্তি প্ৰদৰ্শন কৰি মনোনয়ন পত্ৰ দাখিল কৰে হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচাই । বুধবাৰে ডিমা হাছাও জিলাৰ হাফলঙস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা এক ৰেলী উলিয়াই বুধবাৰে দিনৰ ১১.৩০ বজাত জিলা উপায়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচাই । মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত গাৰ্লোচাৰ সৈতে উপস্থিত আছিল উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, বিজেপিৰ জিলা সভাপতি ধনপাইনন থাওচেন, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৰতন টেৰণ, বিজেপি দলৰ আইনী উপদেষ্টা তথা অধিবক্তা দয়ামণি সিঙৰ লগতে দলৰ শীৰ্ষ নেতৃত্ব ।

হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে শক্তি প্ৰদৰ্শন কৰি মনোনয়ন পত্ৰ দাখিল কৰে নন্দিতা গাৰ্লোচাই । মনোনয়ন পত্ৰ দাখিল কৰি নন্দিতা গাৰ্লোচাই কয় 'হাফলং সমষ্টিত বিজেপিৰ জয় নিশ্চিত আৰু আমি ৰাইজৰ বাবে কাম কৰি যাম' । তেওঁ লগতে কয় যে, বিজেপি ক্ষমতাত আহিলে ষষ্ঠ অনুসূচী ক্ষমতা হ্ৰাস হ'ব বুলি সাধাৰণ ৰাইজৰ মাজত যি এক ভুল ধাৰণাৰ সৃষ্টি হৈছে সেয়া কেতিয়াও নহয় বুলি মন্তব্য কৰে নন্দিতা গাৰ্লোচাই ।

উল্লেখ্য যে, বিজেপি দলৰ চৃড়ান্ত প্ৰাৰ্থীৰ তালিকাত ১৬ নম্বৰ হাফলং উপজাতি সংৰক্ষিত বিধানসভা সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য নন্দিতা গাৰ্লোচাক মনোনীত কৰে । হাফলং উপজাতি সংৰক্ষিত সমষ্টিত বিজেপিৰ টিকট প্ৰত্যাশী মুঠ ১১ গৰাকী বিজেপি নেতাই আবেদন কৰিছিল । ইয়াৰ ভিতৰত আছিল তিনি গৰাকী মহিলা প্ৰাৰ্থী । বিশেষকৈ বিজেপিৰ প্ৰাৰ্থিত্বৰ দৌৰত আছিল নন্দিতা গাৰ্লোচা আৰু কুলেন্দ্ৰ দাওলাগাপু । কিন্তু শেষ মুহুৰ্তত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্ব নন্দিতা গাৰ্লোচাৰ ওপৰত আস্থা দেখুৱাই হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে নন্দিতা গাৰ্লোচাক প্ৰক্ষেপ কৰে । অহা ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত হাফলং সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন ।

লগতে পঢ়ক: তুংগত উঠিছে বাক্সা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতি

Last Updated : Mar 10, 2021, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.