হাফলং, 17 জুন: বৰাক উপত্যকা আৰু ডিমা হাছাও জিলাৰ ৰে’ল যাত্ৰী সকলৰ বাবে এক সুখবৰ ৷ ৰে’ল মানচিত্ৰত এতিয়া অৰুণাচল প্ৰদেশৰ লগতে অসমৰ বৰাক উপত্যকা আৰু ডিমা হাছাও জিলা এতিয়া সংযুক্ত হ’ব ৷ শিলচৰৰ পৰা অৰুণাচল প্ৰদেশৰ নাহৰলগুন লৈকে এখন যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৷
19 জুনৰ পৰা প্ৰতি সপ্তাহৰ সোমবাৰে শিলচৰৰ পৰা নাহৰলগুন আৰু 20 জুনৰ পৰা নাহৰলগুনৰ পৰা শিলচৰলৈকে এই বিশেষ যাত্ৰীবাহী ৰে’লখন সপ্তাহত এদিন চলাচল কৰিব বুলি জানিবলৈ দিয়ে উত্তৰ পূব সীমান্ত ৰে’লেৱেই ৷ প্ৰাৰম্ভিক পৰ্যায়ত অহা 19 জুনৰ পৰা 28 আগষ্টলৈকে শিলচৰৰ পৰা নাহৰলগুনলৈকে এই বিশেষ যাত্ৰীবাহী ৰে’ল গাড়ীখন চলাচল কৰিব ৷ অন্যহাতে 20 জুনৰ পৰা 29 আগষ্টলৈকে নাহৰলগুনৰ পৰা শিলচৰ লৈকে চলাচল কৰিব এই বিশেষ যাত্ৰীবাহী ৰেলখনে ৷
ইফালে আগৰতলৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা আগৰতলাৰ মাজত এখন ৰে’ল চলাচল আৰম্ভ হ’ব ৷ ইয়াৰ উপৰিও আগৰতলাৰ পৰা পুৰি আৰু পুৰিৰ পৰা আগৰতলা লৈকে এখন বিশেষ যাত্ৰীবাহী ৰেলগাড়ী চলোৱাৰ সিদ্ধান্ত লৈছে উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৷ 22 জুনৰ পৰা আগৰতলা আৰু গুৱাহাটীৰ মাজত আৰম্ভ হ’ব বিশেষ যাত্ৰীবাহী ৰে’লৰ চলাচল ৷ 23 জুনৰ পৰা গুৱাহাটীৰ পৰা আগৰতলালৈকে বিশেষ যাত্ৰীবাহী এখন ৰেলগাড়ীৰ চলাচল আৰম্ভ হ’ব ৷
22 জুনৰ পৰা 31 আগষ্টলৈকে প্ৰাথমিক অৱস্থাত আগৰতলাৰ পৰা গুৱাহাটীলৈকে চলাচল কৰিব এই বিশেষ যাত্ৰীবাহী ৰে’লগাড়ী খন ৷ 23 জুনৰ পৰা 1 ছেপ্টেম্বৰলৈকে গুৱাহাটীৰ পৰা আগৰতলালৈকে চলাচল কৰিব এই যাত্ৰীবাহী ৰে’লগাড়ীখন ৷ প্ৰতি বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে আগৰতলা-গুৱাহাটী, গুৱাহাটী-আগৰতলাৰ মাজত এই ৰে’লগাড়ীখন চলাচল কৰিব ৷ অন্যহাতে 19 জুনৰ পৰা 28 আগষ্টলৈকে আগৰতালৰ পৰা পুৰিলৈ এখন বিশেষ যাত্ৰীবাহী ৰে’লগাড়ী চলাচল কৰিব আৰু 21 জুনৰ পৰা 30 আগষ্টলৈকে পুৰিৰ পৰা আগৰতলালৈকে এখন বিশেষ যাত্ৰীবাহী ৰে’লগাড়ী চলাচল কৰিব ৷ এই ৰেলগাড়ীখন প্ৰতি সোমবাৰে আগৰতলাৰ পৰা আৰু প্ৰতি বুধবাৰে পুৰিৰ পৰা চলাচল কৰিব বুলি জানিবলৈ দিয়ে উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৷
লগতে পঢ়ক: Landslides in Meghalaya : মেঘালয়ৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলন