ডিমা হাছাও, 23 জানুৱাৰীঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 123 সংখ্যক জন্মজয়ন্তী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ মাজৰে হাফলঙত উদযাপন কৰা হয় তেওঁৰ জন্মজয়ন্তী। বৃহস্পতিবাৰে পুৱা 9 বজাত হাফলং সাংস্কৃতিক ভৱনৰ পৰা নেতাজী জন্মজয়ন্তী উদযাপন সমিতিৰ উদ্যোগত শোভাযাত্ৰা উলিওৱা হয় । এই শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাধাৰণ ৰাইজৰ লগতে হাফলঙৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয় ।
শোভাযাত্ৰাৰ পাছতে হাফলং সাংস্কৃতিক ভৱনত আজাদ হিন্দ ফৌজৰ (আইএনএ) ৰ পতাকা উত্তোলন কৰে হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰে । পৰৱৰ্তি সময়ত হাফলং সাংস্কৃতিক ভৱনত স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদান আৰু জীৱনৰ ওপৰত এখন আলোচনা সভা অনুষ্ঠিত হয় ।
লগতে পঢ়কঃ গণৰাজ্য দিৱস উপলক্ষে বৰলুইতত নদী আৰক্ষীৰ অভিযান
এই আলোচনা সভাত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ ইএম নন্দিতা গাৰ্লোচা, বিধায়ক বীৰভদ্ৰ হাগজেৰ, পাৰ্বত্য পৰিসদৰ সদস্য লিটন চক্ৰৱৰ্তী, অধ্যাপক স্যামানন্দ চৌধুৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷ আনহাতে নেতাজী জয়ন্তী উপলক্ষে হাফলং অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে নেতাজী জন্মজয়ন্তী উদযাপন সমিতিৰ সদস্যসকলে ।