হাফলং, 21 ডিচেম্বৰ: সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত টিকটক লৈ বিজেপি দলৰ মাজত বিসম্বাদ সৃষ্টি হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱা নেতাসকলে বিজেপি দলৰ পৰা পদত্যাগ কৰিছে । বুধবাৰে বিজেপিৰ টিকট পৰা বঞ্চিত হৈ বিজেপি যুৱ মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি দলত্যাগ কৰে ৰিপা হোজাইয়ে ৷
ইয়াৰ পিচতে হাফলঙত এক সংবাদমেল সম্বোধন কৰি ৰিপা হোজাইয়ে কয়, "2013 চনৰ পৰা আমি বিজেপি দলৰ হৈ সক্ৰিয়ভাৱে কাম কৰি যোৱাৰ পিচতো দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হৈছে মোক। প্ৰথমতে মই ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক আছিলো। কিন্তু 2019 চনত মোক ডিমা হাছাও জিলা যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল। ইয়াৰ পিচৰে পৰা আমি দলৰ বাবে সক্ৰিয়ভাৱে কাম কৰি যোৱাৰ পিচতে এইবাৰ হাফলং সমষ্টিৰ পৰা মই বিজেপিৰ টিকটৰ বাবে দাবী জনোৱাৰ পিচতো দলে মোক টিকট দিয়া নাই। ইমানেই নহয় দলীয় নেতৃত্বই হাফলং সমষ্টিত মোক টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিজেপিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিচত সেই তালিকাখনত মোৰ নাম নাছিল।"
"সেইবাবে মই আজি বিজেপি দলৰ পৰা পদত্যাগ কৰি হাফলং সমষ্টিৰ উন্নয়ন আৰু ৰাইজৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হাফলং সমষ্টিৰ পৰা অহা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷" 21 ডিচেম্বৰত হাফলং সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ জমা দিব বুলি সংবাদমেলত সদৰী কৰে ৰিপা হোজাইয়ে।
ইপিনে বিজেপিৰ টিকট নাপাই দিগেৰ সমষ্টিৰ মণ্ডল সভাপতি পদৰ পৰা পদত্যাগ কৰি দিগেৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব জয়দেশ ফংলোই। জয়দেশ ফংলোৱে এখন সংবাদমেল সম্বোধন কৰি বিজেপি দলৰ নেতৃত্বৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয়, "বিগত 12 বছৰৰ পৰা বিজেপি দলৰ হৈ কাম কৰি যোৱাৰ পিচতো দলীয় নেতৃত্বই আমাক টিকট প্ৰদান কৰা নাই। বিজেপিৰ সবকা সাথ সবকা বিকাশ মন্ত্ৰ ডিমা হাছাও বিজেপিত নচলে। ডিমা হাছাও জিলাত বিজেপি দলৰ এই মন্ত্ৰৰ গুৰুত্ব নাই ৷ আমি বিজেপি দলৰ পৰা পদত্যাগ কৰি ৰাইজৰ অনুৰোধত পৰিষদৰ দিগেৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।"
লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দেবলাল গাৰ্লোচাৰ মনোনয়ন পত্ৰ দাখিল