ETV Bharat / state

বিৰোধী শূন্য হোৱাৰ দিশে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ ! - দেৱলাল গাৰ্লোচা

৩০ সদস্যৰে গঠিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ । ইয়াৰে ২৮ গৰাকী আছিল বিজেপিৰ আনহাতে ২ গৰাকী কংগ্ৰেছৰ । কিন্তু মঙলবাৰে বিজেপিলৈ গমন আন এগৰাকী কংগ্ৰেছ সদস্যৰ । লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত ।

opposition zero
বিৰোধী শূন্য হোৱাৰ দিশে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ
author img

By

Published : Sep 29, 2021, 10:53 AM IST

ডিমা হাছাও, ২৯ ছেপ্টেম্বৰ : বিৰোধী শূন্য হ'ব নেকি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ (North Cachar Hills Autonomous Council) ? উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত ক্ষমতাত থকা ৩০ গৰাকী সদস্যৰ ভিতৰত ২৮ গৰাকী সদস্যই আছিল বিজেপি দলৰ । বিৰোধী কংগ্ৰেছ দলৰ সদস্য আছিল দুই গৰাকী । কিন্তু এই দুই গৰাকী সদস্যৰ ভিতৰত গৰমপানী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ সদস্য জয়ছিং দুৰঙয়ে (Joysing Durong) কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য গৰাকীয়ে মঙলবাৰে হাফলঙৰ অটল বিহাৰী বাজপেয়ী ভৱনত ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেন, মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা (Debolal Gorlosa) আৰু স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাৰ (Ranu Langthasa) উপস্থিতিত বিজেপি দলত যোগদান কৰে । বিজেপি দলত যোগদান কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ জয়ছিং দুৰঙে কয় যে অসমসহ দেশৰ বিভিন্ন ৰাজ্যত এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি বহু নেতাই বিজেপি দলত যোগদান কৰিছে । ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাতো কংগ্ৰেছ দল ত্যাগ কৰি বহু নেতা বিজেপি দলত যোগদান কৰিছে ।

জয়ছিং দুৰং ২০০৯ চনৰ পৰাই কংগ্ৰেছ দলত আছিল আৰু যোৱা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকট লাভ কৰি গৰমপানী সমষ্টিৰ পৰা জয়ী হৈছিল । কিন্তু বিৰোধীৰ আসনত থাকি ইমান দিনে তেওঁ ৰাইজৰ উন্নয়নৰ হকে কাম কৰিব পৰা নাই যাৰ বাবে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে বুলি উল্লেখ কৰে ।

এতিয়া বিজেপি দলৰ নেতা-কৰ্মী আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ নিৰ্দেশত উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয়, সমগ্ৰ দেশ তথা ৰাজ্য আৰু ডিমা হাছাও জিলা কংগ্ৰেছ শূন্য হৈ পৰিব । যোৱা বিধানসভা নিৰ্বাচনত সংখ্যা গৰিষ্ঠ ডিমাচা অধ্যুষিত এলেকাত কংগ্ৰেছ দলে ভাল ফলাফল দেখুৱাব পৰা নাই । সেয়ে পাহাৰীয়া জিলাখনত কংগ্ৰেছ দলৰ ভৱিষ্যত বেয়াৰ দিশে গতি কৰিছে বুলি আশংকা কৰে জয়ছিং দুৰঙে ।

ইফালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই পৰিষদৰ কংগ্ৰেছ সদস্য জয়ছিং দুৰঙক দলত আদৰণি জনাই কয় যে, কংগ্ৰেছৰ এই গৰাকী সদস্য বিজেপি দলত যোগদান কৰাৰ ফলত দল আৰু অধিক শক্তিশালী হ'ব । তেওঁ লগতে কয় যে, এতিয়া জয়ছিং দুৰঙক লগত লৈ পৰিষদৰ গৰমপানী সমষ্টিৰ ৰাইজৰ উন্নয়নৰ বাবে পৰিষদে কাম কৰি যাব ।

ইয়াৰ উপৰি দেৱলাল গাৰ্লোচাই কয় যে, অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) উন্নয়নৰ কামৰ প্ৰতি সঁহাৰি জনাই বহু কংগ্ৰেছ নেতা ইতিমধ্যে বিজেপি দলত যোগদান কৰিছে ।

উল্লেখ্য যে, কংগ্ৰেছ দল ত্যাগ কৰি জয়ছিং দুৰং বিজেপি দলত যোগদান কৰাৰ পাছতে ৩০ সদস্যৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত বিজেপি সদস্যৰ সংখ্যা ২৯ লৈ বৃদ্ধি পোৱাৰ লগতে বিৰোধী কংগ্ৰেছ দলৰ সদস্যৰ সংখ্যা এতিয়া মাত্ৰ ১ টা ।

লগতে পঢ়ক :গৰুখুঁটি কাণ্ড সন্দৰ্ভত দুই সাংসদৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.