হাফলং , ১৭ নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাৰ সদৰ হাফলং চহৰতো বৃহস্পতিবাৰে জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত ভূমিকম্পত উদ্ধাৰ আৰু ত্ৰান তৎপৰতা সন্দৰ্ভত মকড্ৰিল অনুষ্ঠিত হয় (Mock drill in Dima Hasoa)। ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদৰ তত্বাৱধানত কৃত্ৰিম ভাৱে ভূমিকম্পৰ এক পৰিবেশ সৃষ্টি কৰি উদ্ধাৰ আৰু ত্ৰান কৰাৰ প্ৰশাসনিক দক্ষতা লৈ মকড্ৰিল অনুষ্ঠিত হয় (Mock drill on earthquake)।
এই উপলক্ষে পুৱা 9 বজাত চহৰখনৰ পাঁচটা অট্টালিকাত এই মকড্ৰিল অনুষ্ঠিত হয় । ভূমিকম্পৰ দৰে প্ৰাকৃতিক বিপৰ্যয়ৰ সময়ত কেনেদৰে মোকাবগলা কৰিব পাৰি সেই সন্দৰ্ভত ইনচিডেন্ট চিষ্টেম কাৰ্যকৰী কৰি ইনচিডেন্ট কমাণ্ড পোষ্ট স্থাপন কৰা হয় হাফলং চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ত ।
হাফলং চহৰৰ ডনবস্কো হায়াৰ ছেকেণ্ডাৰী স্কুল, হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়, মলহয় গাঁও ,হাফলং অসামৰিক চিকিৎসালয় চৌহদ আৰু হাফলং ইণ্ডিয়া ফেমিলি মাৰ্টত ভূমিকম্পৰ পৰিবেশ সৃষ্টি কৰি মকড্ৰিল কৰা হয় ।
এই মকড্ৰিলত সহযোগ কৰে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ লগতে চিকিৎসা গোটে (Natural Disaster Management Authority)।