ETV Bharat / state

মুখ্যমন্ত্ৰীৰ দূত হৈ পাহাৰীয়া জিলাত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

author img

By

Published : Feb 9, 2022, 10:47 PM IST

হাফলঙত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ ডিমা হাছাও জিলাৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভূমি পৰিদৰ্শন কৰাৰ উদ্দেশ্যে বুধবাৰে মন্ত্ৰীগৰাকী উপস্থিত হয় ডিমা হাছাও জিলাত (Parimal Suklabaidya visited Dima Hasao) ৷

Parimal Suklabaidya visited Dima Hasao
পাহাৰীয়া জিলাত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ডিমা হাছাও, 9 ফেব্ৰুৱাৰী: ডিমা হাছাও জিলাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ ডিমা হাছাও জিলাৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভূমি পৰিদৰ্শন কৰাৰ উদ্দেশ্যে বুধবাৰে হাফলঙত উপস্থিত হয় ৰাজ্যৰ বনমন্ত্ৰীগৰাকী ৷ তাৰ পাচতেই বুধবাৰে সন্ধিয়া মাহুৰত উপস্থিত হৈ লাচাং গাঁৱত ভূমি পৰিদৰ্শন কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই (Parimal Suklabaidya visited Dima Hasao) ।

মেডিকেল কলেজৰ বাবে ভূমি পৰিদৰ্শন কৰি বনমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মেডিকেল কলেজৰ ভূমি পৰিদৰ্শন কৰাৰ বাবে বুধবাৰে ডিমা হাছাওত উপস্থিত হৈছে । ভূমি পৰিদৰ্শনৰ অন্তত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক তেওঁ দাখিল কৰিব এখন প্ৰতিবেদন ৷

মুখ্যমন্ত্ৰীৰ দূত হৈ পাহাৰীয়া জিলাত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

তাৰ পাচতেই মেডিকেল কলেজ স্থাপনৰ সকলো মানদণ্ড তথা বিভিন্ন দিশ পৰীক্ষা কৰাৰ অন্তত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ডিমা হাছাও জিলাৰ ক’ত মেডিকেল কলেজ স্থাপন হ’ব, সেই সন্দৰ্ভত ল’ব চূড়ান্ত সিদ্ধান্ত ৷

লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বপ্নৰ শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ চাৰিলেন পথ নিৰ্মাণৰ কাম 2023 চনৰ ভিতৰত সম্পূৰ্ণ হ’ব । ইতিমধ্যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গড়কাৰীয়ে ঘোষণা কৰিছে এই কথা । সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ৰাজ্যৰ বনমন্ত্ৰীগৰাকীয়ে ৷

লগতে তেওঁ কয় যে, 1998 চনত এই ইষ্ট-ৱেষ্ট কৰিড’ৰৰ চাৰিলেন পথ নিৰ্মাণৰ শিলান্যাস হোৱাৰ পিচতো পূৰ্বৰ চৰকাৰৰ ব্যৰ্থতাৰ বাবে কাম সম্পূৰ্ণ হোৱা নাছিল ৷ কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপি চৰকাৰে 2023 চনৰ ভিতৰত এই ইষ্ট-ৱেষ্ট পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে ৷ এই মন্তব্য মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷

লগতে পঢ়ক : Assam Police Reshuffle: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.