ETV Bharat / state

Protest against Cement Company:উমৰাংচুত ডালমিয়া চিমেন্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Jul 8, 2023, 5:19 PM IST

উমৰাংচুত থকা ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীয়ে কৈছে যে স্থানীয় ৰাইজক বঞ্চিত কৰি নিজৰ মুনাফাৰ বাবে কাম কৰি আছে কোম্পানীটোৱে ৷

Dalmia Cement Authority
ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে অভিযোগ
ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে অভিযোগ

হাফলং, 8 জুলাই : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচুত ডালমিয়া চিমেণ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ঠিকাদাৰ আৰু নিবনুৱা যুৱক-যুৱতীৰ । স্থানীয় ৰাইজক বঞ্চিত কৰি কাম কৰাৰ অভিযোগ তেওঁলোকৰ ৷ ইয়াৰ উপৰি পাহাৰীয়া জিলাখনৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ইতিমধ্যে ডালমিয়া চিমেন্ট কৰ্তৃপক্ষই উমৰাংচুত আৰু এটা নতুন প্লেণ্ট আৰম্ভ কৰাৰ বাবে যো-জা চলাইছে ৷ স্থানীয় ৰাইজক বঞ্চিত কৰি এই কাম কৰিবলৈ লোৱাৰ বাবে জাঙুৰ খাই উঠিছে তেওঁলোক । ক্ষোভিত স্থানীয় ৰাইজ ডালমিয়া চিমেন্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে । শুকুৰবাৰে উমৰাংচু এলেকাৰ ঠিকাদাৰ আৰু স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলে ডালমিয়া চিমেন্ট কৰ্তৃপক্ষৰ ওপৰত বঞ্চনাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷

উমৰাংচুৰ স্থানীয় ৰাইজৰ অভিযোগ যে নিবনুৱা যুৱক-যুৱতী সকলক বঞ্চিত কৰি বহিৰাগতসকলক নিয়োগ কৰিছে ডালমিয়া চিমেন্ট কৰ্তৃপক্ষই । স্থানীয় ৰাইজে কিন্তু এই কথা কোনো পধ্যেই মানি নলয় । তেওঁলোকৰ দাবী স্থানীয় ঠিকাদাৰ আৰু নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন দিব লাগিব এবং অগ্ৰাধিকাৰ দিব লাগিব নহ’লে অহা দিনত এই আন্দোলন আৰু তীব্ৰ হ’ব বুলি মন্ত্যব কৰে প্ৰতিবাদকাৰী সকলে ।

উল্লেখ্য যে, উমৰাংচুস্থিত ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে এই পাহাৰীয়া জিলাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ নতুন নহয় । ডালমিয়া চিমেন্ট কৰ্তৃপক্ষই উমৰাংচুত পাহাৰ কাটি উমৰাং নৈত পেলাই নৈৰ পানী দূষিত কৰি তুলিছে । তাৎপৰ্যপূৰ্ণ যে এই উমৰাং নৈৰ পানী খোৱা পানী হিচাবে ব্যৱহাৰ কৰে স্থানীয় ৰাইজে । কিন্তু ডিমা হাছাও জিলাৰ জিলা উপায়ুক্তৰ উপস্থিতিত যেতিয়া পাব্লিক হেয়াৰিং হৈছিল তেতিয়া ডালমিয়া কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছিল এই নৈ প্ৰটেক্ট কৰা হ’ব । প্ৰটেকচন ৱাল নিৰ্মাণ কৰা হ’ব আৰু প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত গছ ৰোপণো কৰা হ’ব ৷ কিন্তু ডালমিয়া চিমেন্ট কৰ্তৃপক্ষই নিজৰ মুনাফাৰ বাবে এতিয়া এনে ধৰণৰ কাম আৰম্ভ কৰিছে যে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : Protest in Dima Hasao : ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ আদায়ৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.