ডিমা হাছাও, 13 মে’ : ডিমা হাছাও জিলাত বৃহস্পতিবাৰে হোৱা প্ৰচণ্ড ভূমিস্খলনৰ(Landslide in Dima Hasao) বহু ঘাইপথ বন্ধ হৈ পৰিছে । জিলাখনৰ লগতে চুবুৰীয়া অঞ্চলসমূহত প্ৰচণ্ড বৰষুণৰ বাবে এতিয়া সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে জনজীৱন । পাহাৰীয়া জিলাখনৰ বহু স্থানত ৰাষ্ট্ৰীয় ঘাইপথো বন্ধ হৈ পৰিছে(Landslides in Dima Hasao hit traffic movement) ।
শিলচৰ-সৌৰাষ্ট্ৰৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ সংযোগী পথ হাফলং-জাতিংগা হাফলঙৰ মাজতে বৰহাফলঙত ঘাইপথৰ বৃহৎ অংশ খহি পৰে । ভূমিস্খলন প্ৰৱণ এলেকা হিচাবে চিহ্নিত এই ঘাইপথটোত ভূমিস্খলন ৰোধ কৰাৰ বাবে শিল আৰু তাঁৰৰ নেটৰ জৰিয়তে স্খলন ৰোধৰ ব্যৱস্থা কৰা হৈছিল যদিও নেৰানেপেৰা বৰষুণৰ বাবে পথটোৰ বৃহৎ অংশ খহি পৰে ।
ইপিনে হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ কাপড় ছড়াত জাতিংগা নৈৰ পানী বৃদ্ধি হৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ বৃহৎ অংশ ডুব যোৱাত ঘাইপথটোৰে যানবাহন চলাচল বন্ধ হৈ পৰিছে । ইপিনে ডিটেকচৰা জাতিংগা নৈৰ পৰা শিল আনিবলৈ যোৱা 11 গৰাকী শ্ৰমিকক উদ্ধাৰ কৰে হাৰেংগাজাও আৰক্ষীয়ে ।
অন্যহাতে ডিমা হাছাও জিলাৰ হাফলং-লংকা ঘাইপথৰ বিভিন্ন স্থানত ভূমিস্খলন হোৱাৰ বাবে এই পথত যানবাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ৷ পথটোৰ বিভিন্ন ঠাইত পাহাৰৰ পৰা মাটি আৰু ডাঙৰ ডাঙৰ গছ বাগুৰি পৰি ঘাইপথটো বন্ধ হৈ পৰে ।
লগতে পঢ়ক : আজি গুৱাহাটীত বন্ধ থাকিব পেট্ৰ’ল পাম্প