ETV Bharat / state

তিনিজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে এজনক

author img

By

Published : Aug 25, 2020, 12:04 PM IST

ডিমা হাছাও জিলাৰ কালাচান্দৰ পৰা 21 আগষ্টৰ সন্ধিয়া এজন যুৱকক অপহৰণ কৰি লৈ যায় তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে ৷ ঘটনা সন্দৰ্ভত এগৰাকী যুৱতীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

dima hasao_kidnap one boy
তিনিজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে এজনক

ডিমা হাছাও 25 আগষ্ট: ডিমা হাছাও জিলাত সংঘটিত হয় অপহৰণৰ ঘটনা। মাইবাং মহকুমাৰ অন্তৰ্গত কালাচান্দৰ পৰা এজন যুৱকক অপহৰণ কৰি লৈ যায় তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে । এই ঘটনাটো সংঘটিত হয় 21 আগষ্ট সন্ধিয়া ।

মাইবাং আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি, যোৱা 21 আগষ্ট সন্ধিয়া 7 বজাত এগৰাকী যুৱতীয়ে কানাচান্দ চান্দপূৰ নগৰৰ বাসিন্দা প্ৰভাত দিব্ৰগেদে নামৰ এজন 21 বছৰীয়া যুৱকক ফোন কৰি কালাচান্দৰ ৰেল লাইনৰ ওচৰত লৈ যায় ৷ ইয়াৰ পিছতে সেই স্থানৰ পৰাই তিনি জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰভাতক অপহৰণ কৰি লৈ যায়। ইপিনে অপহৰণৰ 96 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো বৰ্তমানেও অপহৃত যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে । এই ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰভাতৰ পৰিয়ালে মাইবাং থানাত দাখিল কৰিছে এখন এজাহাৰ ৷ আৰক্ষীয়ে প্ৰভাত দিব্ৰগেদেক উদ্ধাৰৰ বাবে অব্যাহত ৰাখিছে অভিযান ।

ইফালে, প্ৰভাতক ফোন কৰি মাতি লৈ যোৱা যুৱতীগৰাকীকো আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে বৰ্তমান যুৱতীগৰাকীক অব্যাহত ৰাখিছে সোধ-পোচ ৷

অন্য এক খবৰৰ বাবে:১০০ জন বিধায়ক জিকাই অনাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.