ETV Bharat / state

Jatinga Festival 2022: ডিমা হাছাওত জাতিংগা মহোৎসৱ

পক্ষীৰ আত্মহত্যাৰ ৰহস্য উদঘাটন কৰিবলৈ বিভিন্নজনে ভিন্ন লেখনি প্ৰকাশ কৰিছে ৷ কিন্তু বহু সময়লৈ ইয়াৰ ৰহস্য ফাদিল কৰাত ব্যৰ্থ হৈছে ৷ কোনোবাই কয়- পক্ষীৰ মৃত্যুৰ সময় আহিলে নিজে উক্ত স্থালনৈ উৰি যায় । আন একাংশৰ মতে, আকৌ উক্ত স্থানত আছে অশৰীৰী আত্মা ৷ সেইবাবেই নাইকীয়া হৈ যায় পক্ষীকূল ৷ এনে এখন স্থান হৈছে জাতিংগা (Birds suicide at Jatinga)।

Jatinga Festival 2022
ডিমা হাছাওত জাতিংগা মহোৎসৱ
author img

By

Published : Oct 15, 2022, 4:37 PM IST

ডিমা হাছাও ,১৫ অক্টোবৰ: ডিমা হাছাও জিলাত শুক্ৰবাৰ সন্ধিয়াৰে পৰা দুদিনীয়াকৈ জাতিংগা মহোৎসৱ (Jatinga Festival 2022) আৰম্ভ হৈছে । আজি জাতিংগা মহোৎসৱৰ অন্তিমটো দিন । শুক্ৰবাৰে নিশা ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে জাতিংগা মহোৎসৱৰ উদ্বোধন কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাই কয় যে জাতিংগা হৈছে বিশ্ব বিখ্যাত পৰিভ্ৰমী পক্ষীৰ বাবে । এই জাতিংগালৈ অহা পৰিভ্ৰমী পক্ষীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবেই জাতিংগা মহোৎসৱৰ আয়োজন কৰা বুলি তেওঁ কয় ।

ডিমা হাছাওত জাতিংগা মহোৎসৱ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষগৰাকীয়ে পুনৰ কয় যে অসমৰ অন্যতম পাহাৰীয়া জিলাখনক পৰ্যটনৰ ক্ষেত্ৰত উন্নত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে । পৰ্যটনৰ ক্ষেত্ৰত অসমৰ এই পাহাৰীয়া জিলাখন আগুৱাই গ'লে জিলাখনৰ অৰ্থনৈতিক উন্নয়ন হ'ব বুলি মন্তব্য কৰে ৰানু লাংথাচাই ।

শুক্ৰবাৰে জাতিংগা মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত আছিল ডিমাছা জেমি নগা জয়ন্তীয়া জাতি জনগোষ্ঠীৰ লোক নৃত্য আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান । জাতিংগা মহোৎসৱত ডিমা হাছাও জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হস্ততাত নিৰ্মিত বস্তুৰ প্ৰদৰ্শনী ষ্টল আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ ষ্টল খোলা হৈছে । তদুপৰি জাতিংগা মহোৎসৱত চাইকেল ৰেলী আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছে বুলি জানিবলৈ দিয়ে জাতিংগা মহোৎসৱৰ আহ্বায়ক জশৃংদাও ফংলোই । এইবাৰ ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে জাতিংগা মহোৎসৱ উপভোগ কৰাৰ বাবে পৰ্যটকৰ ঢল নামিছে।

শৰতৰ আগমনৰ লগে লগে ৰাজ্য়ৰ বিভিন্ন ঠাইত সোঁত ববলৈ ধৰিছে পৰিভ্ৰমী চৰাইৰ (Migratory birds at Dima Hasao)। বিশেষকৈ এই সময়ত পাহাৰীয়া জিলা কেইখনলৈ এনে পক্ষীৰ আগমন বেছি হোৱা দেখা যায় । এতিয়া ডিমা হাছাও জিলাত দেশ-বিদেশৰ পৰা পৰিভ্ৰমী পক্ষীৰ আগমন আৰম্ভ হৈছে ।

উল্লেখ্য় যে আগষ্টৰ পৰা নৱেম্বৰ লৈ দেশ-বিদেশৰ পৰিভ্ৰমী চৰাইৰ আগমণ আৰম্ভ হয় জাতিংগা আৰু দহিং গাঁৱত । এই বছৰো আৰম্ভ হৈছে বিভিন্ন ৰঙী পক্ষীৰ কলৰৱ । আনহাতে, এই পৰিভ্ৰমী চৰাইক চোৰাং চিকাৰীয়ে নিধন কৰি বজাৰত মুকলিকৈ বিক্ৰী কৰি আহিছে । এই পক্ষীসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে প্ৰশাসনে ১৪৪ ধাৰা বলবৎ কৰিছে । হাফলং আৰক্ষী থানাৰ অন্তৰ্গত জাতিংগা আৰু ৰেটজলৰ দহিং গাঁৱত ১৪৪ ধাৰাৰ জাৰি কৰা হৈছে ।

লগতে পঢ়ক:DAC election 2022 : লখিমপুৰত জাৰি কৰা হ’ল ১৪৪ ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.