ETV Bharat / state

Dima Hasao Bandh called off: IPFৰ ডিমা হাছাও বন্ধ সাময়িকভাৱে স্থগিত ঘোষণা - IPF Discussion with Govt

২৬ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ঘোষণা কৰা ডিমা হাছাও জিলা বন্ধ স্থগিত । হাফলঙত এক সংবাদমেল সম্বোধন কৰি ইণ্ডিজিনাচ পিপ'লচ ফ'ৰামৰ কাৰ্যকৰী সভাপতি সমছুদ্বেনবে জেমিয়ে এই বিষয়ে সদৰি কৰিছে (IPF called Dima Hasao Bandh)।

IPF called Dima Hasao Bandh
ইণ্ডিজিনাচ পিপ'লচ ফ'ৰাম
author img

By

Published : Apr 25, 2023, 8:25 PM IST

ইণ্ডিজিনাচ পিপ'লচ ফ'ৰাম

হাফলং, 25 এপ্ৰিল: 26 এপ্ৰিলৰ পৰা ইণ্ডিজিনাচ পিপ'লচ ফ'ৰামে আহ্বান জনোৱা অনিৰ্দিষ্টকালীন ডিমা হাছাও জিলা বন্ধ সাময়িকভাৱে স্থগিত ৰখা হৈছে (Indigenous Peoples Forum Dima Hasao Bandh called off)। মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি ইণ্ডিজিনাচ পিপ'লচ ফ'ৰামৰ কাৰ্যকাৰী সভাপতি সমছুদ্বেনবে জেমিয়ে কয়, ৰাজ্য চৰকাৰে ইণ্ডিজিনাচ পিপ'লচ ফ'ৰামেৰ ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবী সন্দৰ্ভত অহা 9 মে’ গুৱাহাটীত বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিচতে সংগঠনটোৱে জিলা বন্ধ সাময়িকভাৱে স্থগিত ৰাখিছে (Press Meet of IPF)।

ইণ্ডিজিনাচ পিপ'লচ ফ'ৰামৰ কাৰ্যকাৰী সভাপতি সমছুদ্বেনবে জেমিয়ে পুনৰ কয় যে, অহা 9 মে'ত ৰাজ্য চৰকাৰৰ লগতে অনুষ্ঠিতব্য় বৈঠকত যদি ডিমা হাছাও জিলা দুভাগ কৰি পৃথক দুখন জিলা গঠনৰ দাবী লৈ আলোচনা ইতিবাচক নহয় তেনেহলে 9 মে'ৰ পিচতে আকৌ জিলা বন্ধ ঘোষণা কৰা হ'ব । সভাপতি সমছুদ্বেনবে জেমিয়ে অহা 9 মে'ত গুৱাহাটীত তেওঁলোকৰ দাবীলৈ অনুষ্ঠিতব্য় বৈঠক ইতিবাচক হ'ব বুলি আশা ব্যক্ত কৰে (IPF Discussion with Govt)।

উল্লেখযোগ্য যে, 2010 চনৰ 30 মাৰ্চত ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও জিলা কৰাৰ পিচৰে পৰা ডিমা হাছাও জিলাত ইণ্ডিজিনাচ পিপ'লচ ফ'ৰাম নামৰ সংগঠনটোৱে ইয়াৰ বিৰোধিতা কৰি ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠন আৰু পৃথক স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত আন্দোলন কৰি আহিছে ৷

এই বিষয়টোক লৈ ইতিমধ্য়ে ৰাজ্য চৰকাৰৰ লগত সংগঠনটোৰ বহুবাৰ বৈঠক অনুষ্ঠিত হ’লেও ৰাজ্য চৰকাৰে ফ'ৰামৰ পৃথক জিলা গঠনৰ বিষয়টোক লৈ এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে । অহা 9 মে'ত গুৱাহাটীত ইণ্ডিজিনাচ পিপ'লচ ফ'ৰামৰ লগত ৰাজ্য চৰকাৰৰ বৈঠকত সংগঠনটোৰ দাবী সন্দৰ্ভত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় বিষয় ।

লগতে পঢ়ক: Congress press meet : কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়ক লৈ ব্যস্ত একাংশ সংবাদ মাধ্যম : সভাপতি ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.