ETV Bharat / state

IPF called Dima Hasao Bandh: 26 এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকাললৈ ডিমা হাছাও জিলা বন্ধৰ ঘোষণা আইপিএফৰ - Dima Hasao

26 এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ডিমা হাছাও জিলা বন্ধৰ ঘোষণা ইণ্ডিজিনাচ পিপলচ ফৰামৰ । সোমবাৰে হাফলঙত এক সংবাদমেল সম্বোধন কৰি ইণ্ডিজিনাচ পিপলচ ফৰামৰ কাৰ্যকৰী সভাপতি সমছুদ্বেনবে জেমিয়ে 26 এপ্ৰিলৰ পৰা অনিদৃষ্টকালৰ বাবে ডিমা হাছাও জিলা বন্ধৰ কথা ঘোষণা কৰে (IPF called Dima Hasao Bandh)।

indigenous peoples forum
ডিমা হাছাও জিলা বন্ধৰ ঘোষণা আইপিএফৰ
author img

By

Published : Apr 10, 2023, 9:54 PM IST

ডিমা হাছাও জিলা বন্ধৰ ঘোষণা আইপিএফৰ

হাফলং, 10 এপ্ৰিল : ডিমা হাছাও জিলা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে আইপিএফ এ ৷ এখন সংবাদমেল সম্বোধন কৰি ইণ্ডিজিনাচ পিপলচ ফৰামৰ কাৰ্যকৰী সভাপতি সমছুদ্বেনবে জেমিয়ে কয় যে, ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠন আৰু পৃথক স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত 26 মাৰ্চত হাফলঙত ইণ্ডিজিনাচ পিপলচ ফৰামে এখন মিছিল উলিয়াই ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে এখন স্মাৰকলিপি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্যে প্ৰেৰণ কৰিছিল ।

সেইদিনাই তেওঁলোকে সংবাদ মাধ্যমত জনাইছিল যে, ইণ্ডিজিনাচ পিপলচ ফৰামৰ পৃথক জিলা গঠন আৰু পৃথক স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীকলৈ চৰকাৰে যদি 10 এপ্ৰিলৰ ভিতৰত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহ’লে ইণ্ডিজিনাচ পিপলচ ফৰামে অনিৰ্দিষ্টকালৰ বাবে ডিমা হাছাও জিলা বন্ধ ঘোষণা কৰি জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত কৰি তুলিব (IPF demand two districts dividing dima hasao) ।

সোমবাৰে ইণ্ডিজিনাচ পিপলচ ফৰামৰ কাৰ্যকৰী সভাপতি সমছুদ্বেনবে জেমিয়ে কয়, ‘‘আমি আমাৰ দাবীলৈ চৰকাৰক যি সময় সীমা বান্ধি দিছিলোঁ এই সময় সীমা আজি উকলি গ’ল, কিন্তু চৰকাৰে আমাৰ দাবী সন্দৰ্ভত এতিয়ালৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে আৰু এতিয়ালৈকে আমাৰ লগতো কোনো যোগাযোগ স্থাপন কৰা নাই । যাৰ বাবে আজি আমি এই সভাত বহি আগন্তুক বিহু, ঈদ আৰু 14 এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে ইণ্ডিজিনাচ পিপলচ ফৰামে 26 এপ্ৰিলৰ পৰা ডিমা হাছাও জিলা অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷’’

এই বন্ধৰ সময়ছোৱাত ৰেল পৰিসেৱাও সম্পূৰ্ণ ৰূপে বিপৰ্যস্ত কৰি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে তেওঁ ৷ সভাপতি গৰাকীয়ে লগতে কয় যে, এই বন্ধত যদি পাহাৰীয়া জিলাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ’লে ইয়াৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে জগৰীয়া হ’ব আৰু এই সময়সীমাৰ ভিতৰত যদি চৰকাৰে ইণ্ডিজিনাচ পিপলচ ফৰামৰ দাবীকলৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰে তেনেহলে তেওঁলোকৰ সংগঠনটোৱে এই অনিৰ্দিষ্টকালৰ বন্ধ ঘোষণাক লৈ চিন্তা চৰ্চা কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে (IPF demand two separate districts) ।

উল্লেখযোগ্য যে, 2010 চনৰ 30 মাৰ্চত ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও জিলা কৰাৰ পিচৰে পৰা ডিমা হাছাও জিলাত ইণ্ডিজিনাচ পিপলচ ফৰাম নামৰ সংগঠনটোৱে ইয়াৰ বিৰোধিতা কৰি ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠন আৰু পৃথক স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত আন্দোলন কৰি আহিছে ৷

এই বিষয়টো লৈ ৰাজ্য চৰকাৰৰ লগত সংগঠনটোৰ বহু বৈঠক অনুষ্ঠিত হ’লেও ৰাজ্য চৰকাৰে ইণ্ডিজিনাচ পিপলচ ফৰামৰ পৃথক জিলা গঠনৰ ইছ্যুটোক লৈ এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে । আজিৰ এই সংবাদমেলত উপস্থিত আছিল ইণ্ডিজিনাচ পিপলচ ফৰামৰ সভাপতি এল কুকি আৰু সাধাৰণ সম্পাদক এল লিমা কেভম (indigenous peoples forum Dima Hasao) ।

লগতে পঢ়ক : Assam CM in Dibrugarh : কাইলৈ ডিব্ৰুগড়ৰ জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.