ETV Bharat / state

Historic Ranchandi Temple of Dimasa: নতুন ৰূপত উজলিছে মাইবাঙৰ ঐতিহাসিক ৰণচণ্ডী মন্দিৰ

author img

By

Published : Jan 13, 2023, 7:01 PM IST

নতুন ৰূপ পালে ডিমাছাসকলৰ ঐতিহাসিক ৰণচণ্ডী মন্দিৰে । য'ত প্ৰৱেশ কৰিলেই সহজতেই অনুধাৱন কৰিব পৰা যাব ডিমাছা ৰজাৰ ইতিহাস (historic Ranchandi temple of Dimasa renovated) । লগতে নতুন ৰূপত সজাই তোলা হৈছে ৰণচণ্ডী উদ্যান । শুকুৰবাৰে এই ৰণচণ্ডী মন্দিৰ আৰু ৰণচণ্ডী উদ্যান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।

Dima Hasao
Dima Hasao
নতুন ৰূপত উজলিছে মাইবাঙৰ ঐতিহাসিক ৰণচণ্ডী মন্দিৰ

ডিমা হাছাও, 13 জানুৱাৰী : ডিমাছাসকলৰ ঐতিহাসিক ৰণচণ্ডী মন্দিৰে পালে নতুন ৰূপ । ৰণচণ্ডী মন্দিৰ হ'ব পৰ্যটনৰ অন্যতম আকৰ্ষণীয় স্থলী (historic Ranchandi temple of Dimasa renovated) । এই ৰণচণ্ডী মন্দিৰ চৌহদত প্ৰৱেশ কৰিলেই ডিমাছা ৰজাৰ ইতিহাস সহজতেই অনুধাৱন কৰিব পৰা যাব (history of Dimasa kingdom) । অসমৰ অন্যতম পাহাৰীয়া জিলা হৈছে ডিমা হাছাও আৰু ডিমাছা ৰজাৰ অন্যতম ৰাজধানী হৈছে মাইবাং (historical place Maibang of Dima Hasao) ।

ডিমা হাছাও জিলাৰ সদৰ হাফলঙৰ পৰা 35 কিলোমিটাৰ দূৰত্বত থকা মাইবাঙৰ অৰ্থ হৈছে- মাই মানে ধান আৰু বাং হৈছে ভঁৰাল । মানে ধানৰ ভঁৰাল । এই ঐতিহাসিক মাইবাং চহৰ হৈছে ডিমাছা ৰজাৰ অন্যতম ৰাজধানী । 16 শতিকাত আহোমসকলৰ লগতে যুদ্ধত পৰাস্ত হৈ ডিমাপুৰৰ পৰা আহি মাইবাঙত নতুন কৰি ৰাজধানী স্থাপন কৰিছিল ডিমাছা ৰজাই । ৰজা মেঘনাৰায়ণে মাহৰ নৈৰ পাৰত এটা শিলেৰে তৈয়াৰ কৰিছিল এই ৰণচণ্ডী মন্দিৰ তথা শিলৰ ঘৰ নামে পৰিচিত এই স্মৃতিস্তম্ভ ।

এতিয়াও ডিমাছা ৰজাৰ ৰাজধানী মাইবাঙত ডিমাছা ৰজাৰ বিভিন্ন স্মৃতিস্তম্ভ বিদ্যমান । কিন্তু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ বা ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে (Assam Government Department of Archaeology) এই স্মৃতিস্তম্ভ বোৰ সংৰক্ষণ কৰি ৰখাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল । অৱশেষত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ (North Cachar Hills Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই নতুন ৰূপত সজাই-পৰাই তুলিছে ডিমাছাসকলৰ ঐতিহ্যময় এই ৰণচণ্ডী মন্দিৰ । ইয়াৰ লগতে নতুন ৰূপ লাভ কৰিছে ৰণচণ্ডী উদ্যানে । এখন আটকধুনীয়া তোৰণো নিৰ্মাণ কৰা হৈছে ।

ডিমাছা জনগোষ্ঠীৰ ঐতিহ্য সংৰক্ষণ কৰাৰ বাবে 2 বছৰ ধৰি নতুনকৈ সজাই তোলা হৈছে ৰণচণ্ডী উদ্যান । এই ৰণচণ্ডী মন্দিৰ চৌহদত ডিমাছা ৰজা-মহাৰাজা, মন্ত্ৰী-পুৰোহিত আদিৰ মূৰ্তিও স্থাপন কৰা হৈছে । লগতে ইয়াৰ চৌহদত প্ৰৱেশ কৰিলেই ডিমাছাসকলৰ ইতিহাস সহজেই অনুধাৱন কৰিব পৰা যাব । নতুন ৰূপ লাভ কৰা এই ৰণচণ্ডী মন্দিৰ আৰু ৰণচণ্ডী উদ্যানৰ শুকুৰবাৰে আনুষ্ঠানিক উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাচাৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য আৰু পৰিষদৰ সদস্য, পৰিষদৰ প্ৰধান সচিব, মৌজাদাৰ আৰু গ্ৰামপ্ৰধানসকল । ইয়াৰ উপৰি ডিমা হাছাও জিলা আৰু অসমৰ বিভিন্ন প্ৰান্ত আৰু নাগালেণ্ডৰ পৰা অহা ডিমাছা জনগোষ্ঠীৰ সাধাৰণ ৰাইজৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । উদ্বোধনী অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল দুই হাজাৰ ডিমাছা যুৱতীৰ পৰম্পৰাগত বাইডিমা নৃত্য আৰু 500 যুৱকৰ ঢোল খ্ৰম । ইয়াৰ মানে হৈছে ঢোল আৰু মুৰি বাঁহী বজাই এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে শিল্পীসকলে ।

নতুন ৰূপ লাভ কৰা ৰণচণ্ডী মন্দিৰ উদ্বোধন উপলক্ষে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে দুদিনীয়াকৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে মাইবাঙত । শুকুৰবাৰে অন্যান্য অনুষ্ঠানৰ মাজতে আছিল Screening of Documentary on Journey of Dimasa from Doyang Dhansiri to Barak Vally । ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত লোকসংগীতৰ প্ৰতিযোগিতা বাইডিমা নৃত্য আৰু মুৰি বাঁহী বজোৱাৰ প্ৰতিযোগিতা ।

অনুষ্ঠানৰ দ্বিতীয়দিনা শনিবাৰে অনুষ্ঠিত হ'ব আলোচনা-চক্ৰ (Panel Discussion), কুইজ প্ৰতিযোগিতা, ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত খেল প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান । শনিবাৰে অনুষ্ঠিত হ'বলগীয়া আলোচনা-চক্ৰত উপস্থিত থাকিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, ডিমাছা সাহিত্য সভাৰ সভাপতি ৰমেশ থাওচেন, জে এন ইউ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ ফিৰিমি বড়ো মৌজাদাৰ আৰু গ্ৰামপ্ৰধানসকল ।

লগতে পঢ়ক :Traditional fish hunting in Morigaon: বুকুত মেঠনি মাৰি জাকৈ-খালৈ লৈ মৎস্য চিকাৰত নামিল আঙুৰলতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.