ETV Bharat / state

Har Ghar Triranga: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা অভিযান - Azadi Ka Amrit Mahotsav

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে এইবাৰ আজাদী কি অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) আয়োজন কৰা হৈছে । চৰকাৰে ঘোষণা কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’(Har Ghar Tiranga) কাৰ্যসূচী অনুসৰি ২০ কোটিৰো অধিক ঘৰৰ ওপৰত উৰিব ত্ৰিৰংগা ৷ সেয়ে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী । ডিমা হাছাওতো হৰ ঘৰ ত্ৰিৰংগা অভিযানক সফল কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে ত্ৰিৰংগা ৰেলীৰ ।

har ghar triranga mission at north cachar hill autonomous council
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা অভিযান
author img

By

Published : Aug 11, 2022, 2:26 PM IST

ডিমা হাছাও, ১১ আগষ্ট : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰপূৰ্তি উপলক্ষে সমগ্ৰ দেশজুৰি চলি থকা আজাদী কা অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) অংগ হিচাবে হৰ ঘৰ ত্ৰিৰংগা অভিযানক সফল কৰি তোলাৰ লক্ষ্যত পিছ পৰি থকা নাই অসম । ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ ত্ৰিৰংগা(Har Ghar Tiranga) অভিযানক সফল কৰি তোলাৰ লক্ষ্যৰে ত্ৰিৰংগা ৰেলীৰ আয়োজন কৰা হৈছে ।

হৰ ঘৰ ত্ৰিৰংগা অভিযানত সফল কৰি তোলাৰ লক্ষ্যৰে বৃহস্পতিবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত হাফলংত এক বৃহৎ ত্ৰিৰংগা ৰেলী উলিওৱা হয় (Har Ghar Tiranga missiom in Dima Hassao) । বৃহস্পতিবাৰে পুৱা ১০ বজাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয় প্ৰাংগণৰ পৰা দেশপ্ৰেমমূলক গীতৰ লগতে ডিমা হাছাও জিলাৰ সকলো চৰকাৰী কাৰ্যালয়ৰ চৰকাৰী কৰ্মচাৰী সকলে পৰম্পৰাগত পোছাক পৰিধান কৰি হাতে হাতে জাতীয় পতাকালৈ এই ত্ৰিৰংগা ৰেলীত অংশগ্ৰহণ কৰে ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা অভিযান

ইয়াৰ উপৰিও হাফলং চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু NCC গ্ৰুপে এই ত্ৰিৰংগা ৰেলীত ভাগ লয় । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাৰ লগতে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক: Azadi Ka Amrit Mahotsav: তেজপুৰত ১২ নং এন ডি আৰ এফ বাহিনীৰ মক ড্ৰীল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.