ডিমা হাছাও 2 জুনঃ সন্তোষ হোজাই হত্যাকাণ্ডৰ লগত জড়িত উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙৰ গ্ৰপ্তাৰৰ দাবীত হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ ডিমাচা ছাত্ৰ সন্থা আৰু ডিমাচা মাদ্ৰাচ এছোচিয়েচন 10 ঘণ্টাৰ অনশনত বহি প্ৰতিবাদ সাব্যস্ত কৰে ।
ডিমাচা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুংয়ে জনোৱা অনুসৰি, জিলা উপযুক্ত কাৰ্যালৰ সন্মূখত ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ পিছতো এতিয়ালৈকে উপ-আৰক্ষী অধীক্ষক মৰাঙক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে । সেয়ে তেওঁলোকে মঙলবাৰে উপ-আৰক্ষী অধীক্ষক গ্ৰেপ্তাৰৰ দাবীত আৰু এই হত্যাকাণ্ডৰ চিবিআই তদন্ত বা এন আই এ তদন্তৰ দাবীত 10 ঘণ্টাৰ অনশনত বহিছে ছাত্ৰ সংগঠনটো ।
আনহাতে শীঘ্ৰেই উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক গ্ৰেপ্তাৰ কৰা নহ'লে আন্দোলন তীব্ৰতৰ কৰা হ'ব বুলি প্ৰকাশ কৰিছে সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচায় ।
লগতে চাওকঃ অক্সিজেনৰ অভাৱত বঙাইগাঁৱত দুজন শ্ৰমিকৰ মৃত্যু