ETV Bharat / state

যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হাফলং আৰক্ষী-পৰিবহন বিভাগ - পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে তৎপৰ হৈছে আৰক্ষী

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাচতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে তৎপৰ হৈছে আৰক্ষী আৰু পৰিবহণ বিভাগ । ঠায়ে ঠায়ে চলোৱা হৈছে সজাগতামূলক অভিযান । ডিমা হাছাওতো আৰক্ষী আৰু পৰিবহণ বিভাগে সজাগতামূলক ব্যৱস্থাৰ অংশ স্বৰূপে শুকুৰবাৰে যান-বাহন আইন ভংগকাৰীক জৰিমনা বিহে(Haflong Police slaps fine on traffic rule violators) ।

Dima Hasao Police strict action against traffic law violators
যানবাহন আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ডিমা হাছাও আৰক্ষী
author img

By

Published : Dec 31, 2021, 8:12 PM IST

ডিমা হাছাও, ৩১ ডিচেম্বৰ : আনন্দৰে নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী । কিন্তু এই সময়খিনিতে একাংশ লোকে স্ফূৰ্তি কৰাৰ নামত যান-বাহন আইন উলংঘা কৰে । কেৱল আইন উলংঘনেই নহয়, এনে লোকৰ উদ্ভণ্ডালিৰ বাবে দুৰ্ঘটনাৰ সংখ্যাও বাঢ়ে । নতুন বছৰটোৰ আৰম্ভণি যাতে শোকাৱহ পৰিৱেশৰ মাজেৰে নহয়, তাৰ বাবে এইবাৰ কেতবোৰ কাৰ্যপন্থা হাতত লৈছে আৰক্ষী তথা পৰিবহণ বিভাগে ।

ৰাজ্য চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ বিভিন্ন সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্যৰ আন আন জিলাৰ লগতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে অধিক কঠোৰ হৈছে ডিমা হাছাও জিলাৰ আৰক্ষী আৰু পৰিবহণ বিভাগ(Haflong Police-transport department against traffic rule violators) । পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিবলৈ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যেৰে হাফলং আৰক্ষীয়ে আৰম্ভ কৰিছে সজাগতামূলক অভিযান । হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে যান-বাহন আইন কেনেদৰে মানি চলিব লাগে সেই বিষয়েও ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে ।

Dima Hasao Police strict action against traffic law violators
যানবাহন আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ডিমা হাছাও আৰক্ষী

হাফলং আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াই কয় যে, বিগত দিনকেইটাত হাফলঙত যানবাহন আইন উলংঘন কৰা লোকসকলৰ পৰা বহু পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, ১ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে হাফলঙত ৫০১ জন যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে(Haflong Police strict action against traffic law breakers) ।

আনহাতে, ২৫ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত ১২৪ গৰাকী ব্যক্তিৰ বিৰুদ্ধে হেলমেট পৰিধান নকৰাৰ বাবে গোচৰ ৰুজু কৰা হৈছে । তিনিগৰাকী ব্যক্তিৰ অনুজ্ঞাপত্ৰ তিনি মাহৰ বাবে বাতিল কৰা হৈছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । ৩১ ডিচেম্বৰত সুৰাপান কৰি বাহন চলালে ৰঙাঘৰৰ আলহী হ'ব লাগিব বুলিও ডিমা হাছাও আৰক্ষীয়ে সকীয়াই দিছে ।

লগতে পঢ়ক : Sivsagar police strict on drink and drive : নৱবৰ্ষক লৈ কঠোৰ হৈছে শিৱসাগৰ আৰক্ষী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.