ETV Bharat / state

মন্ত্ৰীসভাত স্থান নন্দিতা গাৰ্লোচাৰ: উৎফুল্লিত ডিমা হাছাওবাসী - ডিমাছা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইছ হচম

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ পৰা নন্দিতা গাৰ্লোচা মন্ত্ৰী হোৱাৰ পিচতে পাহাৰীয়া জিলাখনৰ সাধাৰণ ৰাইজ উৎফুল্লিত হৈ পৰিছে । ডিমা হাছাও জিলাৰ প্ৰথমগৰাকী মহিলা হিচাবে ৰাজ্যৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছে নন্দিতা গাৰ্লোচা (Nandita Garlosa take oath as minister)। 1996 চনৰ পৰা ডিমা হাছাওৰ পৰা কোনো প্ৰতিনিধিয়ে স্থান পোৱা নাছিল ৰাজ্যৰ মন্ত্ৰীসভাত । যোৱা 25 বছৰৰ পৰা কাৰ্বি-আংলং জিলাৰ পৰাই মন্ত্ৰী হৈ আহিছিল ।

মন্ত্ৰীসভাত স্থান লাভ নন্দিতা গাৰ্লচাৰ; উৎফুল্লিত ডিমা হাছাওবাসী

author img

By

Published : Jun 9, 2022, 8:25 PM IST

Updated : Jun 9, 2022, 8:52 PM IST

ডিমা হাছাও, 9 জুন : অৱশেষত 25 বছৰৰ পিছত ডিমা হাছাওৰ প্ৰতিনিধিৰূপে নন্দিতা গাৰ্লোচাই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ধিত মন্ত্ৰীসভাত স্থান লাভ কৰে । বৃহস্পতিবাৰে মন্ত্ৰী পদত শপত গ্ৰহণ কৰাৰ (Nandita Garlosa take oath as minister) পিছতে উৎফুল্লিত হৈ পৰিছে এতিয়া ডিমা হাছাওবাসী ।

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নন্দিতা গাৰ্লোচাক চাৰিটা দপ্তৰৰ দায়িত্ব প্ৰদান কৰা হৈছে (Nandita Garlosa included in ministry)৷ ইয়াৰ মাজতে আছে শক্তি, সমবায়, খনি আৰু খনিজাত সম্পদ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি বিভাগ ৷

ইপিনে নন্দিতা গাৰ্লোচাই মন্ত্ৰিত্ব লাভ কৰাৰ পিছতে তেওঁক অভিনন্দন জনাই ডিমাছা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইছ হচম আৰু ডিমাছা সাহিত্য সভাই । ৰাজ্যৰ মন্ত্ৰী হোৱাৰ বাবে ডিমাছা সাহিত্য সভাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনায় ৷ লগতে ডিমাছা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক কুমুদ কেম্প্ৰায়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ৷

মন্ত্ৰীসভাত স্থান লাভ নন্দিতা গাৰ্লচাৰ; উৎফুল্লিত ডিমা হাছাওবাসী

লগতে পঢ়ক : প্ৰথমবাৰলৈ তিনি পাহাৰীয়া জিলাই পালে মহিলা মন্ত্ৰী: জিলা এখন, মন্ত্ৰী দুজন

তেওঁ কয়, ‘‘নন্দিতা গাৰ্লোচা মন্ত্ৰী হোৱাৰ বাবে ডিমা হাছাও জিলাৰ সকলো জাতি-জনগোষ্ঠীৰ লোক আজি উৎফুল্লিত হৈ পৰিছে ৷ আমি আশাবাদী তেওঁৰ এই কাৰ্যকালত ডিমাছা ভাষাক আগুৱাই লৈ যাব ৷ ডিমা হাছাও জিলাৰ উন্নয়নৰ ক্ষেত্ৰত নন্দিতা গাৰ্লোচাই সফলতা লাভ কৰিব’’ ।

অন্যহাতে, ডিমাছা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইছ হচমৰ উপ-সভাপতি ৰঞ্জুলাল হাকমকচাই কয়, ডিমা হাছাও জিলাৰ পৰা প্ৰথম গৰাকী মহিলা বিধায়ক হৈ এবছৰৰ ভিতৰতে ৰাজ্যৰ মন্ত্ৰী হিচাবে দায়িত্ব লাভ কৰে নন্দিতা গাৰ্লোচাই (First woman minister among three hill districts of Assam)। যোৱা 25 বছৰ ডিমা হাছাওৰ পৰা ৰাজ্যৰ মন্ত্ৰীসভাত কোনো মন্ত্ৰী হোৱা নাছিল ৷

যাৰ বাবে এই পাহাৰীয়া জিলাখন পিছ পৰি আছিল । এতিয়া মন্ত্ৰী হৈ নন্দিতা গাৰ্লোচাই পাহাৰীয়া জিলাৰ সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে ৰঞ্জুলাল হাকমকচায়ে ।

লগতে পঢ়ক : নতুন ৰূপত মন্ত্ৰীসভা: কোনে পালে কি দপ্তৰ

Last Updated : Jun 9, 2022, 8:52 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.