শিলচৰ,18 এপ্ৰিল: শিলচৰ চহৰৰ দাস কলনীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ চহৰখনৰ মাজমজিয়াৰ দাস কলনীৰ বিপৰীত দিশত থকা এখন কম্পিউটাৰ দোকানৰ গুদামত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত জাহ যায় ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ লক্ষাধিক মূল্যৰ সা-সামগ্ৰী ৷ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় দুঘণ্টা সময় চেষ্টা চলোৱাৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
ভয়ংকৰ অগ্নিকাণ্ডটো বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ বাবে সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ অগ্নি নিৰ্বাপক বাহিনীৰ ক্ষীপ্ৰতাৰ বাবে সোনকালে জুই নুমুৱাবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৰৌমাৰীবাসী