ETV Bharat / state

Haflong fire: যোৰহাট কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ পৰা ৰক্ষা পৰিল হাফলং

author img

By

Published : Mar 4, 2023, 10:34 AM IST

যোৰহাটৰ চ'ক বজাৰৰ পাছত এইবাৰ হাফলং বজাৰ (Fire in Haflong)। শুকুৰবাৰে বজাৰৰ সমীপৰ এক্সিছ বেংকৰ কাৰ্যালয়ৰ ভিতৰত অগ্নিকাণ্ড । বেংকৰ বহু গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু নথিপত্ৰ জুই জাহ যায় । আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু এছডিআৰএফৰ তৎপৰতাত জুই নিৰ্বাপণ ।

Haflong fire
যোৰহাট কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ পৰা ৰক্ষা পৰিল হাফলং

হাফলং,৪ মাৰ্চ : হাফলং,৩ মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ডিমা হাছাও জিলাৰ গুৰুত্বপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ হাফলং বজাৰ এলেকা । যোৰহাটৰ চ'ক বজাৰৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰিল হাফলং বজাৰখন । স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত লাখ লাখ টকাৰ সম্পত্তি নষ্ট হোৱাৰ পৰা ৰক্ষা পৰিল । অৱশ্যে অগ্নিকাণ্ডৰ ফলত ব্যাপক ক্ষতি হোৱা দেখা যায় এক্সিছ বেংক শাখা কাৰ্যালয়ৰ (Axis Bank in Haflong damaged due to fire)।

উল্লেখ্য যে শুকুৰবাৰে নিশা প্ৰায় ৮ মান বজাত হাফলং বজাৰৰ সমীপতে থকা এক্সিছ বেংকৰ কাৰ্যালয়ৰ ভিতৰত জুইৰ সূত্ৰপাত হয় (Fire broke out at Axis Bank in Haflong)। সেই সময়ছোৱাত বেংকৰ কাৰ্যালয়টো বন্ধ আছিল । একাংশ স্থানীয় লোকে বেংকৰ ভিতৰৰ পৰা ধোঁৱা ওলাই থকা দেখি ততালিকে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে । খবৰ পোৱাৰ লগে লগে সদৰ ডিএছপি বৰকৰি টেৰণ সেই স্থানত উপস্থিত হয় । ইফালে তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু এছডিআৰএফৰ জোৱানসকলো ঘটনাস্থলীত উপস্থিত হয় ।

তেওঁলোকে প্ৰথমে বেংকৰ কাৰ্যালয়টোৰ খিৰিকী ভাঙি জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰে । সেই সময়ত বেংকৰ ভিতৰত চাৰিফালেও ক'লা ধোঁৱাই আৱৰি আছিল । যাৰ বাবে প্ৰথম অৱস্থাত অগ্নি নিৰ্বাপক বাহিনী আৰু এছডিআৰএফ জোৱানসকল কিছু সমস্যাৰ সন্মুখীন হয় । অগ্নিকাণ্ডৰ খবৰ পাই এক্সিছ বেংকৰ মেনেজাৰ আৰু কৰ্মচাৰীসকলো আহি বেংকৰ মূল দুৱাৰ খোলে আৰু অগ্নি নিৰ্বাপক বাহিনী আৰু এছডিআৰএফৰ জোৱানসকলে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ।

কিন্তু বেংকৰ ভিতৰত থকা কম্পিউটাৰ আৰু বেংকৰ নথিপত্ৰ সকলো জুইত জাহ যায় বুলি জানিব পৰা গৈছে । অৱশ্যে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী আৰু এছডিআৰএফ জোৱানসকলৰ প্ৰচেষ্টাত জুই বেংকৰ বাহিৰলৈ বিয়পি নপৰে আৰু হাফলং বজাৰ এলেকা বিধ্বংসী অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে (Fire broke out in Haflong market)। এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱাৰ আশংকা কৰিছে আৰক্ষী তথা স্থানীয় লোকে । অৱশ্যে এই সন্দৰ্ভ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক :Sand Scam: কৰ্তব্যৰত সময়ত সাংবাদিকক পণবন্দী বালি মাফিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.