ETV Bharat / state

DNLA militant death case: মাইবং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাহিদুল জামানক গ্ৰেপ্তাৰৰ দাবী ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ - জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস

ডিমাছা নেচনেল লিবাৰেচন আৰ্মিৰ সদস্য আলি ডিমাছা ওৰফে বাবুজিৎ হাপিলাৰ পৰিয়ালক সাক্ষাৎ কৰে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস আৰু আৰক্ষী অধীক্ষক মায়ংক কুমাৰে।

DNLA militant death case
মাইবং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাহিদুল জামানক গ্ৰেপ্তাৰৰ দাবী ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:20 PM IST

মাইবং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাহিদুল জামানক গ্ৰেপ্তাৰৰ দাবী ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ

হাফলং 15 ছেপ্টেম্বৰ: ডিমা হাছাও জিলাৰ মাইবঙত ডিমাছা নেচনেল লিবাৰেচন আৰ্মিৰ সদস্য আলি ডিমাছা ওৰফে বাবুজিৎ হাপিলাৰ গুলীয়াই হত্যা কৰা মাইবাং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাহিদুল জামানক গ্ৰেপ্তাৰৰ দাবী জনাইছে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ চিএনচি নাইডিং ডিমাছা ওৰফে মুছৰাং ডিমাছাই।

বৃহস্পতিবাৰ নিশা মাইবঙত আৰক্ষীৰ গুলীত ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্য আলি ডিমাছা ওৰফে বাবুজিৎ হাপিলা নিহত হোৱাৰ উপৰি সংগঠনটোৰ দুই সদস্য ৰেইনবো ডিমাছা আৰু টানজন ডিমাছা আহত হয় ৷ এই ঘটনাক লৈ চৰকাৰৰ লগতে শান্তি চুক্তিত স্বাক্ষৰ কৰা ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ চেয়াৰমেন ইতিকা ডিফুচা আৰু চিইনচি মুছৰাং ডিমাছা ও বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি সকল হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় ৷ দলটোৱে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস আৰু আৰক্ষী অধীক্ষক মায়ংক কুমাৰক সাক্ষাৎ কৰি এই ঘটনা সন্দৰ্ভত আলোচনা কৰে।

এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি এই ঘটনা সংঘটিত কৰা মাইবং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহিদুল জামানক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। জিলা আয়ুক্তক সাক্ষাৎ কৰি ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ চিইনচি মুছৰাং ডিমাছাই কয় যে, বৃহস্পতিবাৰ নিশা আৰক্ষীৰ গুলিত ডিএনএলএ সদস্য আলি ডিমাছা মৃত্যুত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ এগৰাকী নিৰ্দোষী সদস্য আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাব লগা হৈছে ৷ তেওঁলোকে এতিয়া চৰকাৰৰ লগতে অস্ত্ৰ বিৰতি চুক্তি স্বাক্ষৰ কৰি ডেজিগনেটেড কেম্পত আছে ৷ কিছু দিনৰ ভিতৰতে তেওঁলোকে অস্ত্ৰসমৰ্পণ কৰি সংগঠনটো ভাঙি দিয়াৰ কথা আছিল ৷ কিন্তু সেই সময়ত এই ঘটনা গৰিহণা যোগ্য ৷

মুছৰাং ডিমাছাই লগতে কয়, "ইয়াত তেওঁলোকৰ সদস্যৰ দোষ থাকিব পাৰে তাৰ বাবে আইন আছে ৷ দোষ থাকিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে বা কেম্পলৈ গৈ আলোচনা কৰিব পাৰে ৷ কিন্তু এনেদৰে গুলীয়াই হত্যা কৰাটো ঠিক হোৱা নাই। এনেদৰে গুলীয়াই হত্যা কৰা বিষয়টো কোনপধ্যেই মানি ল’ব নোৱাৰে। ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে আৰু আৰক্ষী বিষয়াজনক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে ৷"

ইপিনে ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস আৰু আৰক্ষী অধীক্ষক ময়ংক কুমাৰে নিহত আলি ডিমাছাৰ পৰিয়ালক সাক্ষাৎ কৰি কয় যে, সমগ্ৰ ঘটনাৰ বাবে ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে ৷ নিহত আলি ডিমাচাৰ পৰিয়ালক চৰকাৰৰ পৰা এককালীন বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব ৷ ইয়াৰোপৰি মাইবং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাহিদুল জামানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস আৰু আৰক্ষী অধীক্ষক ময়ংক কুমাৰে।

লগতে পঢ়ক: Annual Conference of KERUF : কাৰ্বি শান্তি চুক্তিৰ দুটা বছৰ; ডিফুত প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ প্ৰথম বাৰ্ষিক সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.