ETV Bharat / state

ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি - ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি

বুধবাৰে ডিমা হাছাও জিলাত উমৰাংচু নিম্ন কপিলী জল বিদ্যুৎ প্ৰকল্পৰ ৬ গৰাকী কৰ্মচাৰীৰ দেহত একেলগে কৰ'ণা ভাইৰাছৰ অৱস্থিতি পোৱা যায় । ইয়াৰ উপৰি হাফলং অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন পৰীক্ষাত দুগৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । ইফালে নিউ হাফলং ষ্টেচনত ক'ভিড পৰীক্ষাৰ সময়ত বিহাৰৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছত অহা এগৰাকী জোৱানৰ দেহতো ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি

author img

By

Published : Apr 21, 2021, 9:19 PM IST

ডিমা হাছাও,২১ এপ্ৰিল: সমগ্ৰ ৰাজ্যতে কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । আন কেইবাখনো জিলাৰ লগতে ডিমা হাছাও জিলাখনো কোনো ব্যতিক্ৰম নহয় । বুধবাৰৰ দিনটোত জিলাখনত নতুনকৈ ৯ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । এতিয়ালৈ জিলাখনত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩ গৰাকীলৈ বৃদ্ধি হ'ল ।

বুধবাৰে জিলাখনৰ উমৰাংচু নিম্ন কপিলী জল বিদ্যুৎ প্ৰকল্পৰ ৬ গৰাকী কৰ্মচাৰীৰ দেহত একেলগে কৰ'ণা ভাইৰাছৰ অৱস্থিতি পোৱা যায় । ইয়াৰ উপৰি হাফলং অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন পৰীক্ষাত দুগৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । ইফালে নিউ হাফলং ষ্টেচনত ক'ভিড পৰীক্ষাৰ সময়ত বিহাৰৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছত অহা এগৰাকী জোৱানৰ দেহতো ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে জিলাখনত আক্ৰান্ত ৩৩ গৰাকী ৰোগীৰ ভিতৰত ৫ গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে । বৰ্তমানে পাহাৰীয়া জিলাখনত কৰ'ণাৰ সক্ৰিয় ঘটনা আছে ২৮ টা ।

লগতে পঢ়ক:ক’ভিড-19 ৰ সংক্ৰমণক লৈ কঠোৰ টিংখাঙৰ প্ৰশাসন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.