ETV Bharat / state

বাইকো নাচঘৰ নিৰ্মাণ বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে ৰিংমিলা হোজাইয়ে - লাংটিং হাচিন

খাদী ব'ৰ্ডৰ কাৰ্যালয় ভাঙি ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত বাইকো নাচঘৰ নিৰ্মাণৰ নামত ডিমা হাছাও জিলাত বিতৰ্ক ৷ অৱশেষত মুখ খুলিলে ডিমাচা মহিলা সংগঠনৰ নেত্ৰী ৰিংমিলা হোজাইয়ে ।

dima hassao baiko house construction comes in a controversy

author img

By

Published : Jul 14, 2020, 12:51 PM IST

ডিমা হাছাও, 14 জুলাই : ডিমা হাছাও জিলাৰ লাংটিং হাচিন প্ৰথম খণ্ড গাঁৱত বাইকো নাচঘৰ নিৰ্মাণৰ নামত বিতৰ্ক ৷ খাদী ব'ৰ্ডৰ কাৰ্যালয় ভাঙি ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত বাইকো নাচঘৰ নিৰ্মাণৰ নামত সৃষ্টি হোৱা এই বিতৰ্ক সন্দৰ্ভত অৱশেষত মুখ খুলিলে ডিমাচা মহিলা সংগঠনৰ নেত্ৰী ৰিংমিলা হোজাইয়ে । মংগলবাৰে হাফলঙত এখন সংবাদমেল সম্বোধন কৰি ৰিংমিলা হোজাইয়ে কয় যে, যোৱা 7 জুলাইত লাংটিং হাচিন গাঁৱৰ গাঁও বুঢ়া জয়লন্ত পৰ্বৰ ঘৰত সংবাদমেল পাতি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ভদ্ৰমণি লাংথচা আৰু গাঁও বুঢ়াই যি অভিযোগ উত্থাপন কৰিছে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন।

ৰিংমিলা হোজাইয়ে সংবাদমেলত কয়, তেওঁলোকে কেতিয়াও বাইকো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা নাই, আনকি সেয়ালৈ আদালতত কোনো গোচৰো তৰা নাই ৷ অৱশ্যে খাদী ব'ৰ্ডৰ ভূমিত বাইকো নিৰ্মাণকলৈ তেওঁলোকে বিৰোধিতা কৰিছিল খাদী ব'ৰ্ডখন পুনৰজীৱিত হোৱাতো তেওঁলোকে কামনা কৰে ৷ কিন্তু ভদ্ৰমণি লাংথচা আৰু গাঁওবুঢ়াই ডিমাচা মহিলা সংগঠনটোৰ বিৰুদ্ধে মিছা অভিযোগ আনি ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰে ৰিংমিলা হোজাইয়ে ।

বাইকো নাচঘৰ নিৰ্মাণ বিতৰ্ক সন্দৰ্ভত মুখ খুলিল ৰিংমিলা হোজাইয়ে

তাৰোপৰি ভদ্ৰমণি লাংথচাই তেওঁলোকক সামাজিকভাবে এক ঘৰীয়া কৰি শিক্ষা দিয়াৰ যি মন্তব্য কৰিছিল সংবাদমেলত সেই প্ৰশ্ন তুলি ৰিংমিলা হোজাইয়ে কয় তেওঁ কোন যে আমাক শিক্ষা দিয়াৰ বাবে । ভদ্ৰমণিৰ নিজৰ শিক্ষা লোৱাৰ প্ৰয়োজন আছে বুলি তেওঁ কঠোৰ সমালোচনা কৰি কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ কাৰ্যবাহী হৈ থকাৰ সময়ত বহু ভুৱা নিযুক্তি দিছিল ভদ্ৰমণি লাংথচাই । আনহাতে, কাৰ্যবাহী হৈ থকাৰ সময়ত হত্যা হোৱা ভদ্ৰমণি লাংথচাৰ ব্যক্তিগত নিৰপত্তাৰক্ষী হাবিবুৰ ৰহমানৰ পত্নী আৰু সন্তানে ন্যায় বিচাৰ পোৱা নাই বুলি সংবাদমেলত অভিযোগ কৰে ৰিংমিলা হোজাইয়ে ।

লগতে পঢ়ক : জলমগ্ন লাওখোৱা অভয়াৰণ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.