ETV Bharat / state

ডিমা হাছাওৰ থৈ নগৰত শোচনীয় শিক্ষা ব্যৱস্থা

author img

By

Published : Mar 7, 2020, 6:29 PM IST

উক্ত প্ৰাথমিক বিদ্যালয়খনৰ বাহিৰে গাঁওখনত এখনো এম ই স্কুল বা হাইস্কুল নাই যাৰ বাবে গাওঁখনৰ ছাত্ৰ-ছাত্ৰীসকলে পঞ্চম শ্ৰেণীতে নিজৰ শিক্ষা জীৱন সাং কৰিবলগীয়া হয় ৷

থৈ নগৰত শোচনীয় শিক্ষা ব্যৱস্থা
থৈ নগৰত শোচনীয় শিক্ষা ব্যৱস্থা

ডিমা হাছাও, 7 মাৰ্চ: ক্ৰমাৎ শোচনীয় হৈ পৰিছে ডিমা হাছাও জিলাৰ নিম্ন প্ৰাথমিক স্তৰৰ শিক্ষা ব্যৱস্থা । জিলাখনৰ থৈ নগৰ নিম্ন প্ৰাথমিক ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷ জানিব পৰা মতে, বিদ্যালয়খনত বৰ্তমান 40 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে 3 গৰাকী শিক্ষক । ইয়াৰোপৰি বিদ্যালয়খনত মুঠ শ্ৰেণী কোঠাৰ সংখ্যা 4 টা হোৱা বাবে এটা শ্ৰেণীকোঠাত 2 টাকৈ শ্ৰেণীক পাঠদান কৰিবলগীয়া হৈছে ৷ মুঠতে আন্তঃগাঠনিৰ ক্ষেত্ৰত অতি পিছপৰা এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে পাঠদানৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে অভিভাৱকসকলে।

লগতে পঢ়কঃ কৰ’ণাক লৈ সষ্টম ৰাজ্য চৰকাৰ

ইয়াৰোপৰি যাতায়তৰ ক্ষেত্ৰটো বহু সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলে ৷ আনহাতে উক্ত প্ৰাথমিক বিদ্যালয়খনৰ বাহিৰে গাঁওখনত এখনো এম ই স্কুল বা হাইস্কুল নাই যাৰ বাবে গাওঁখনৰ ছাত্ৰ-ছাত্ৰীসকলে পঞ্চম শ্ৰেণীতে নিজৰ শিক্ষা জীৱন সাং কৰিবলগীয়া হয় বুলি অভিযোগ কৰিছে থৈনগৰ গাঁৱৰ বাসিন্দা সকলে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.