ETV Bharat / state

ডিমা হাচাও জিলাত ব্যাপক ৰূপত কৰ’ণাৰ সংক্ৰমণ - ডিমা হাছাও

ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত হাচিন দ্বিতীয় খণ্ড গাঁও এতিয়া কৰ'ণাৰ হটস্পটত পৰিণত ৷ জিলাখনত 22 মে' লৈ জিলাৰ সকলো সাপ্তাহিক বজাৰ সমূহ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি ৷

ডিমা হাচাও জিলাত ব্যাপক ৰূপত কৰ’ণাৰ সংক্ৰমণ

author img

By

Published : May 17, 2021, 10:55 PM IST

ডিমা হাছাও 17 মে': ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত হাচিন দ্বিতীয় খণ্ড গাঁও এতিয়া কৰ'ণাৰ হটস্পটত পৰিণত হৈছে । সোমবাৰ জিলা প্ৰশাসনে হাচিন দ্বিতীয় খণ্ড গাঁওখন কনটেনমেণ্ট জ’ন হিচাবে ঘোষণা কৰে । গাঁও খনত বাহিৰৰ পৰা প্ৰৱেশ আৰু বাহিৰ হোৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ।

ডিমা হাচাও জিলাত ব্যাপক ৰূপত কৰ’ণাৰ সংক্ৰমণ
ডিমা হাচাও জিলাত ব্যাপক ৰূপত কৰ’ণাৰ সংক্ৰমণ

গাঁওখনত জৰুৰীকালীন সেৱাৰ বাহিৰে ৰাতিপুৱা 8 বজাৰ পৰা 12 বজালৈ অত্যাৱশ্যকীয় সামগ্ৰী গাখীৰ আৰু ফলমূলৰ দোকান খোলা থাকিব ৷ ইপিনে ডিমা হাছাওত ক্ৰমাৎ ভয়ংকৰ ৰূপত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে অহা 22 মে' লৈ জিলাৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে জিলা উপায়ুক্ত পল বৰুৱাই । সোমবাৰে ডিমা হাছাও জিলাত 43 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

জিলাখনত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 517 গৰাকী লৈ বৃদ্ধি হৈছে । বৰ্তমানে 230 গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে হাফলং অসামৰিক চিকিৎসালয়ত 27 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে আৰু হ’ম আইচলেচনত ৰখা হৈছে 254 গৰাকী ৰোগীক । কৰ'ণাত আক্ৰান্ত 6 গৰাকী জটিল ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : নাৰদা কেলেংকাৰী : কেবিনেট মন্ত্ৰীসহ টিএমচিৰ নেতাক গ্ৰেপ্তাৰ চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.