ডিমা হাছাও, 20 আগষ্ট : ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে ডিমা হাছাও জিলাত এক শোকাবহ ঘটনা সংঘটিত হয় ৷ মনসা দেৱীৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী যুৱকৰ ৷
জানিব পৰা মতে, জিলাখনৰ উমৰাংচোত সংঘটিত হৈছে এই ঘটনা ৷ উমৰাংচো আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, বুধবাৰে মনসা দেৱীৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ কপিলী জলাশয়ত পৰি মৃত্যু হয় 17 বছৰীয়া যুৱকজনৰ ৷
উল্লেখ্য যে, উক্ত অঞ্চলত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনী নথকাৰ কাৰণে অৱশেষত বৃহস্পতিবাৰে অগ্নিনিৰ্বাপক বাহিনীয়ে কপিলী জলাশয়ৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : যোৰহাটত ইউৰিয়া সাৰৰ নাটনি, বৃহৎ ক'লা বজাৰ গঢ়ি উঠাৰ অভিযোগ