ETV Bharat / state

মানদাৰডিছা টোলপ্লাজাত জিলা পঞ্জীয়নভুক্ত বাহন কৰ মুক্ত ঘোষণা

author img

By

Published : Dec 18, 2020, 4:59 PM IST

ডিমা হাছাও জিলাৰ বাণিজ্যিক আৰু ব্যক্তিগত যানবাহন অহা যোৱাৰ ক্ষেত্ৰত মানদাৰডিছা টোলপ্লাজাত লোৱা নহ'ব কোনো কৰ ।

মানদাৰডিছা টোলপ্লাজাত জিলা পঞ্জীয়নভুক্ত বাহন কৰ মুক্ত ঘোষণা
মানদাৰডিছা টোলপ্লাজাত জিলা পঞ্জীয়নভুক্ত বাহন কৰ মুক্ত ঘোষণা

ডিমা হাছাও, 18 ডিচেম্বৰ : ডিমা হাছাও জিলাৰ মানদাৰডিছাত টোলপ্লাজা খোলাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱশেষত অৱসান ঘটিল। ডিমা হাছাও জিলাৰ বাণিজ্যিক আৰু ব্যক্তিগত যান বাহন অহা যোৱাৰ ক্ষেত্ৰত লোৱা নহ'ব কোনো টেক্স । ডিমাচা ছাত্ৰ সন্থা আৰু সদৌ ডিমাচা ছাত্ৰ সন্থাই দাবী জনাইছিল যেতিয়া লৈকে 54 নম্বৰ ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহয় তেতিয়ালৈকে মানদাৰডিছা টোলপ্লাজা বন্ধ ৰখাৰ দাবী জনাইছিল ।

নহ'লে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়াৰ পিচতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ডিমাচা ছাত্ৰ সন্থা আৰু সদৌ ডিমাচা ছাত্ৰ সন্থাৰ মাজতে এখন বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতেই বিতৰ্কৰ অৱসান হয় ।

ডিমাচা ছাত্ৰ সন্থা আৰু সদৌ ডিমাচা ছাত্ৰ সন্থাই টোলপ্লাজাখন অবিলম্বে বন্ধ নকৰিলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰাৰ পিচতে মাইবাং চাৰ্কিট হাউচত শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ডিমাচা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুং আৰু সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচাৰ লগত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ সেই অনুসৰি,ডিমা হাছাও জিলাৰ বাণিজ্যিক আৰু ব্যক্তিগত যান-বাহন অহা যোৱাৰ ক্ষেত্ৰত মানদাৰডিছা টোলপ্লাজাত এতিয়াৰে পৰা লোৱা নহ'ব কোনো কৰ । কিন্তু ডিমা হাছাও জিলাৰ বাহিৰৰ পৰা অহা যানবাহনৰ পৰা লোৱা টোল কৰ সংগ্ৰহ কৰা হ'ব বুলি সিদ্ধান্ত লয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।

লগতে পঢ়ক : অসম কৃষি বিশ্ববিদ্যালয়ত সংযোজন এনচিচি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.