ETV Bharat / state

ডিমা হাছাওত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 37 গৰাকীলৈ বৃদ্ধি - হাফলং অসামৰিক চিকিৎসালয়

ডিমা হাছাওত পুনৰ চাৰি গৰাকী ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ প্ৰতিদিনেই হাফলং অসামৰিক চিকিৎসালয়ত চলিছে ৰেপিড এন্টিজেন টেষ্ট ৷ জিলাখনত 10120 গৰাকীৰ ক’ভিড পৰীক্ষা সম্পন্ন ৷

ডিমা হাছাওত কৰ'ণা আক্ৰান্তৰ সংখ্যা 37 গৰাকীলৈ বৃদ্ধি

author img

By

Published : Apr 23, 2021, 1:41 PM IST

ডিমা হাছাও, 23 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাওতো কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । বৃহস্পতিবাৰৰ দিনটোত জিলাখনত পুনৰ চাৰি গৰাকী ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । বৃহস্পতিবাৰে হাফলং অসামৰিক চিকিৎসালয়ত এগৰাকী ৰোগীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে নিউ হাফলং ৰে'ল ষ্টেচনত বিহাৰৰ পৰা অহা এগৰাকী শিক্ষকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ উপৰিও জিলাখনত অন্য দুগৰাকী লোক কৰ'ণাত আক্ৰান্ত হয় ।

বৃহস্পতিবাৰে নতুনকৈ আক্ৰান্ত হোৱা চাৰি গৰাকীৰ সৈতে ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 37 গৰাকীলৈ বৃদ্ধি পায় । জিলাখনত ইতিমধ্যে 5 গৰাকী ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ 32 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে আৰু 31 গৰাকী ৰোগী হোম আইচ'লেচনত আছে বুলি জানিব পৰা গৈছে ৷

ডিমা হাছাওত কৰ'ণা আক্ৰান্তৰ সংখ্যা 37 গৰাকীলৈ বৃদ্ধি

হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাইয়ে জানিবলৈ দিয়া মতে, হাফলং অসামৰিক চিকিৎসালয়ত প্ৰতিদিনেই ৰেপিড এন্টিজেন পৰীক্ষা চলি আছে । ইতিমধ্যে 10,120 গৰাকীৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰাৰ লগতে বৃহস্পতিবাৰে 35 গৰাকী লোকৰ স্বাৱ সংগ্ৰহ কৰি ডিফুলৈ পথোৱা হয় । হাফলং অসামৰিক চিকিৎসালয়ত 68 বিছনা যুক্ত এটা ক’ভিড ৱাৰ্ড খোলাৰ লগতে এই ৱাৰ্ডত চাৰিটা কেবিনৰ 6 টা কক্ষত 8 খনকৈ বিছনা ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলিও অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত ধৰা পৰিছে মাৰাত্মক "ডাবল মিউটেন্ট বি-1617"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.