ডিমা হাছাও, 30 ছেপ্টেম্বৰ : সম্পূৰ্ণ ক’ভিড বিধি মাজেৰে বুধবাৰৰ পৰা জাতিংগাত মুকলি কৰা হয় জাতিংগা মহোৎসৱৰ । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই বুধবাৰ সন্ধিয়া বন্তি প্ৰজ্জ্বলন কৰি দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত জাতিংগা মহোৎসৱৰ উদ্বোধন কৰে । ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ জাতিংগা মহোৎসৱত 18 বছৰৰ তলৰ যুৱক-যুৱতী আৰু শিশুসকলক উৎসৱস্থলীত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ তদুপৰি যিসকল লোকে ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধকৰ গ্ৰহণ কৰিছে তেওঁলোককহে উৎসৱস্থলীত প্ৰৱেশৰ অনুমতি দিছে আয়োজকসকলে ।
ইপিনে জাতিংগা মহোৎসৱ উপভোগ কৰিবলৈ এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলৰ আগমন ঘটিছে । জাতিংগা মহোৎসৱত তুলি ধৰা হৈছে পাহাৰীয়া জিলাখনৰ বিভিন্ন লোক সংস্কৃতি আৰু হস্ততাঁত শিল্পৰ প্ৰদৰ্শনীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ থলুৱা খাদ্যৰ বিপনী খোলা হৈছে । জাতিংগা মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাই জাতিংগাত পক্ষীৰ আগমণ ভগৱানৰ দান বুলি মন্তব্য কৰি পৰিভ্ৰমী পক্ষীৰ সংৰক্ষণৰ ক্ষেত্ৰত আৰু অধিক সজাগ হ’ব লাগিব বুলি উল্লেখ কৰে ।
ৰানু লাংথাচাই জাতিংগাত পৰিভ্ৰমী পক্ষীৰ আত্মহত্যাৰ বিষয়টো উল্লেখ কৰি বছৰৰ পৃথক পৃথক সময়ত জাতিংগালৈ এইসকল পক্ষীৰ আগমণৰ বিষয়টো ৰহস্যময় বুলি মন্তব্য কৰে । তেওঁ লগতে পাহাৰীয়া জিলাখনলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’বলৈ হ’লে পৰ্যটকসকলৰ আপ্যায়িত কৰাৰ ক্ষেত্ৰত স্থানীয় লোকসকলক অধিক গুৰুত্ব দিয়াৰ বাবে আহ্বান জনায় ৷
ডিমা হাছাও জিলাৰ বন বিভাগৰ চি চি এম এম টুমনোংয়ে জাতিংগালৈ পৰিভ্ৰমী পক্ষীৰ ৰক্ষাৰ ক্ষেত্ৰত ৰাইজ অধিক সজাগ হৈছে বুলি উল্লেখ কৰে ৷ তেওঁ লগতে জাতিংগাৰ পৰা 2 কিলোমিটাৰ দূৰত্বত থকা দহিং গাঁৱত পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিবলৈ লৈছে বুলি জানিবলৈ দিয়ে । আনহাতে জাতিংগা মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱা, আৰক্ষী অধীক্ষক জয়ন্ত সিঙৰ লগতে জিলা পৰ্যটন বিভাগৰ দায়িত্বপ্ৰাপ্ত পাৰ্বত্য পৰিষদৰ সদস্য মনজিত নাইডিং উপস্থিত থাকে ।
লগতে পঢ়ক : অক্টোবৰত নগা সমস্যা সমাধানৰ সম্ভাৱনা