ডিমা হাছাও,24 জুন: মুখ্যমন্ত্ৰী (Chief Minister Dr. Himanta Biswa Sarma) ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিচতেই পূৰ্বৰ চৰকাৰে গ্ৰহণ কৰা কেইবাটাও দিশত ব্যাপক সাল সলনি কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ অংশ হিচাপে দুখন জিলাৰ ভিতৰত একোজনকৈ অভিভাৱক মন্ত্ৰীক দায়িত্ব অৰ্পন কৰা হৈছে ৷ জিলা দুখনৰ সামগ্ৰীক উন্নয়ণ তথা বিভিন্ন দিশত নজৰ ৰাখি মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব লাগিব অভিভাৱক মন্ত্ৰী সকলে ৷
মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতেই ইতিমধ্যে অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰা মন্ত্ৰী সকল জিলা সমূহত উপস্থিত হৈ উপায়ুক্ত তথা জিলা খনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ দুদিনীয়া ভ্ৰমণ সূচীৰে হাফলং আহি উপস্থিত হৈছে ডিমা হাছাও জিলা (Dima Hasao District)ৰ অভিভাৱক মন্ত্ৰী যোগেন মোহন পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী।
বুধবাৰে নিশা 8 টা বজাত ডিফুৰ পৰা হাফলঙত আহি উপস্থিত হৈ পুৱা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত জিলা ক'ভিড (Covid-19) পৰিস্থিতি আৰু 'মেগা ভেকচিনেচন' ( Mega Vaccination) সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী যোগেন মোহন ৷
বৈঠকৰ অন্তত মন্ত্ৰী যোগেন মোহনে সাংবাদিকৰ আগত কয় যে, হাফলং অসামৰিক চিকিৎসালয়ত 'Haflang Civil Hospital'ৰ আইচিইউ (ICU) নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । অহা তিনি চাৰি দিনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr. Himanta Biswa Sarma) হাফলঙত উপস্থিত হৈ চিকিৎসালয়খনৰ আইচিইউ উদ্বোধন কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।
জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ লগতে ডিমা হাছাও জিলাৰ ক’ভিড পৰিস্থিতি আৰু মেগা ভেকচিনেচন কাৰ্যসূচীৰ পৰ্যালোচনা কৰে পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মোহনে। বৈঠক খনত উপস্থিত আছিল বিধায়িকা নন্দিতা গাৰ্লছা জিলা উপায়ুক্ত পল বৰুয়া উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লছা স্বাস্থ্য বিভাগৰ দায়িত্ব প্ৰাপ্ত ইএম চেমুয়েল চাংছন স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব জুবি নামপুই স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দিপালি বৰ্মন আৰু বিভিন্ন চৰকাৰী বিভাগৰ উচ্চ বিষয়া ।
ডিমা হাছাও জিলাৰ কাৰণে এক ভাল খবৰ আছে, ডিমা হাছাওত 1 লাখ 21 হাজাৰ লোকক ক'ভিড প্ৰতিষেধক প্রদান কৰাৰ বাবে লক্ষ্য বান্ধি লোৱা হৈছে ৷ ইয়াৰ ভিচৰত ইতিমধ্যে 56 হাজাৰ লোককক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে পাহাৰীয়া জিলাখনৰ ৰাইজক ক'ভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত সুন্দৰ পদক্ষেপ লৈছে । কামৰূপ জিলাৰ পিচতে ডিমা হাছাও জিলাত মেগা ভেকচিনেচন কাৰ্যসূচীক ব্যাপক সঁহাৰি জনাইছে ৰাইজে ।
তাৰোপৰি, মন্ত্ৰী যোগেন মোহনে কয় য়ে, গাঁৱত যি সকল লোকক ভেকচিন দিবলৈ বাকী আছে তেওলোককো অনতিপলমে ভেকচিন প্ৰদান কৰা হ'ব আৰু এই ক্ষেত্ৰত পৰ্যাপ্ত ভেকচিন যোগান ধৰিব ৰাজ্য চৰকাৰে যাতে কোনো এগৰাকী ব্যক্তি এই ক'ভিড প্ৰতিষেধক লোৱাৰ পৰা বাদ পৰি নাযায় ৷
পাহাৰীয়া জিলাখনৰ 100 শতাংশ লোককে ক'ভিডৰ প্ৰতিষেধক (Covid Vaccine) প্ৰদান কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ সক্ষম হ'ব ৷ এই ক্ষেত্ৰত আৰক্ষী আৰু বিভিন্ন চৰকাৰী বিভাগে যাতে এই পদক্ষেপত স্বাস্থ্য বিভাগক সহাৰি জনাই, তাৰ বাবে বৈঠকখনত উপস্থিত থকা আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু পি এন আৰ ডি (PNRD) বিভাগক নিৰ্দেশ দিয়ে মন্ত্ৰী যোগেন মোহনে ।
লগতে পঢ়ক-ছেবাৰ কাৰ্যালয়ত পৰীক্ষাৰ মূল্যায়নক লৈ উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক