হাফলং, 10 অক্টোবৰ: অসম বিশ্ববিদ্যালয়ৰ অধীনস্থ হাফলং চৰকাৰী মহাবিদ্যালয় আৰু মাইবাং ডিগ্ৰী কলেজক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কৰাৰ বাবে কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে ডিমা হাছাও জিলাৰ হিলছ-ট্ৰাইবছ ষ্টুডেন্টছ অৰ্গেনাইজেচন । এই সন্দৰ্ভত আজি ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে হিলছ-ট্ৰাইবছ ষ্টুডেন্টছ অৰ্গেনাইজেচনে ।
ইপিনে সোমবাৰ বিয়লি ডিমাছা ষ্টুডেন্টছ ইউনিয়নৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি হিলছ-ট্ৰাইবছ ষ্টুডেন্টছ অৰ্গেনাইজেচনে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে ৷ হিলছ-ট্ৰাইবছ ষ্টুডেন্টছ অৰ্গেনাইজেচনৰ সদস্য তথা ডিমাছা ষ্টুডেন্টছ ইউনিয়নৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুংয়ে কয়, ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত শিলচৰ অসম বিশ্ববিদ্যালয়ৰ অধীনত থকা হাফলং চৰকাৰী মহাবিদ্যালয় আৰু মাইবাং ডিগ্ৰী কলেজক হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । কেবিনেট বৈঠকত এই যি সিদ্ধান্তক লোৱা হৈছে সেয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই সিদ্ধান্ত অনতিপলমে বাতিল কৰিব লাগে চৰকাৰে ।
তেওঁ লগতে কয়, 1961 চনত স্থাপিত হোৱা হাফলং চৰকাৰী মহাবিদ্যালয় 1993 চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অন্তৰ্ভুক্ত আছিল । কিন্তু 1994 চনত হাফলং চৰকাৰী মহাবিদ্যালয়ক শিলচৰ অসম বিশ্ববিদ্যালয়ৰ অধীনত অন্তৰ্ভুক্ত কৰা হয় । এই অৱস্থাত 2017 চনত স্থাপিত হোৱা ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ অধীনত হাফলং চৰকাৰী মহাবিদ্যালয় আৰু মাইবাং ডিগ্ৰী কলেজক অন্তৰ্ভুক্ত কৰি ইয়াৰ স্থান অৱনমন কৰা হৈছে ।
তেওঁ আৰু কয় দীর্ঘদিনৰ পৰা আমি অসম বিশ্ববিদ্যালয়ৰ কেম্পাছ হাফলঙত স্থাপন কৰাৰ দাবী জনাই আহিছোঁ । হাফলং চৰকাৰী মহাবিদ্যালয়ত মাষ্টাৰছ ডিগ্ৰী কৰাৰ বাবে মাত্ৰ দুটা বিষয় আছে । কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । ডিফু কলেজত অসম বিশ্ববিদ্যালয়ৰ কেম্পাছ আছে আৰু এই ডিফু কলেজক স্বতন্ত্ৰ বিশ্ববিদ্যালয় কৰা হ’ব । কিন্তু চৰকাৰে সদায় এই পাহাৰী জিলাৰ ৰাইজৰ লগতে মাহীআই সুলভ আচৰণ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় আমি এখন স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ বাবে দাবী কৰি আহিছো ।
তেওঁ ডিমা হাছাও জিলাত কোনো ইঞ্জিনিয়াৰিং কলেজ তথা মেডিকেল কলেজ নাই বুলিও সংবাদমেলত ক্ষোভ ব্যক্ত কৰে । লগতে 2012 চনৰ পৰা এখন পলিটেকনিক কলেজৰ নিৰ্মাণ কাম চলি আছে বুলি মন্তব্য কৰি প্ৰমিত চেংয়ুংয়ে ডিমা হাছাও জিলাত এখন স্বতন্ত্ৰ বিশ্ববিদ্যালয় স্থাপন নোহোৱালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ৷ ইপিনে হাফলং চৰকাৰী মহাবিদ্যালয় আৰু মাইবাং ডিগ্ৰী কলেজক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত অনতিপলমে বাতিল কৰাৰ দাবী জনাই তেওঁলোকে আজি ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।