ডিমা হাছাও 18 নৱেম্বৰঃ ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাক বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাহিৰত ৰখাৰ দাবী ডিমা হাছাও জিলা কংগ্ৰেছৰ ৷ দীৰ্ঘদিনৰ পৰাই এই বিতৰ্কিত বিধেয়কখনক লৈ ডিমা হাছাও জিলা কংগ্ৰেছে বিৰোধিতা কৰি আহিছে ৷ ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা অসমৰ ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাহিৰত ৰাখিব লাগিব ৷
![Dima Hasao District Congress protest against CAB](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5105076_final.jpg)
এই সন্দৰ্ভত সোমবাৰে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাৰ নেতৃত্বত ডিমা হাছাও জিলা কংগ্ৰেছৰ এক প্ৰতিনিধি দলে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাক সাক্ষাৎ কৰে ৷ উপায়ুক্তগৰাকীক সাক্ষাৎ কৰি প্ৰতিনিধিৰ দলটোৱে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা অসমৰ ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাক প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাহিৰত ৰখাৰ দাবী জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷