ETV Bharat / state

ডিমা হাছাওত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ১,৩৭৭ গৰাকীলৈ বৃদ্ধি - ডিমা হাছাওত ১২৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

যোৱা ২৪ ঘণ্টাত ডিমা হাছাওত ১২৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । জিলাখনত এতিয়ালৈকে ১,৩৭৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ মাজতে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ৪৬০ গৰাকী ।

dima hasao
ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৩৭৭ গৰাকী লৈ বৃদ্ধি
author img

By

Published : May 30, 2021, 10:30 AM IST

ডিমা হাছাও,৩০ মে': ডিমা হাছাও জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা । বৰ্তমানলৈ জিলাখনত ১,৩৭৭ গৰাকীলৈ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা । যোৱা ২৪ ঘণ্টাত জিলাখনত ১২৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । পূৰ্বৰ তুলনাত ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ডিমা হাছাওত বৃদ্ধিহে হৈছে আক্ৰান্তৰ সংখ্যা ৷

dima hasao
ডিমা হাছাওত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ১,৩৭৭ গৰাকীলৈ বৃদ্ধি

শনিবাৰে জিলাখনত ৮৪ গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ৰাইজে ক'ভিড বিধি মানি নচলাৰ বাবেই কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । জিলাখনত ক'ভিড বিধি বলৱৎ কৰাৰ পিচতে হাফলং চহৰত চৰকাৰী নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই একাংশই ভংগ কৰিছে ক'ভিড বিধি । শনিবাৰে হাফলং বজাৰলৈ অহা লোকসকলৰ মাজতে নাই সামাজিক দূৰত্ব ।

ইয়াৰোপৰি হোম আইছ’লেচনত থকা ৰোগীসকলেও সঠিকভাৱে মানি চলা নাই নিয়মসমূহ । যাৰ বাবে ক্ৰমাৎ হাফলঙত বৃদ্ধি হৈছে কৰ'ণাৰ সংক্ৰমণ । ইপিনে জিলাখনত এতিয়ালৈকে ১,৩৭৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ মাজতে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ৪৬০ গৰাকীলৈ বৃদ্ধি পাইছে । বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৮৮৩ গৰাকী । হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৬২ গৰাকী । আনহাতে, হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা ৮০৪ গৰাকী । ইফালে, ৯ গৰাকী জটিল ৰোগীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । এতিয়ালৈ জিলাখনত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৯ গৰাকী বুলি স্বাস্থ্য বিভাগৰ লোকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: লোক নিৰ্মাণ বিভাগৰ প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.