ETV Bharat / state

ডিমা হাছাওত দুই শতাধিকলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা - কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২১২ গৰাকী ৰোগীৰ ইতিমধ্যে ৩৮ গৰাকী ৰোগী সুস্থ

ডিমা হাছাও জিলাত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৰ্তমান পাহাৰীয়া জিলাখনত ২১২ গৰাকীলৈ বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা ৷

COVID
ডিমা হাছাওত দুই শতাধিকলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা
author img

By

Published : May 5, 2021, 10:49 AM IST

ডিমা হাছাও, ৫ মে': সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাতো ভয়ংকৰ হৈছে ক'ভিড পৰিস্থিতি ৷ প্ৰত্যেক দিনে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে জিলাখনত । বৰ্তমানলৈ জিলাখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২১২ গৰাকীলৈ বৃদ্ধি পাইছে । হাফলং অসামৰিক চিকিৎসালয়ত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে ৬৮ খন বিছনা থকাৰ বিপৰীতে সম্প্ৰতি ৩৯ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে চিকিৎসালয়খনত ।

উল্লেখযোগ্য যে, ডিমা হাছাওত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ ২১২ গৰাকী ৰোগীৰ ইতিমধ্যে ৩৮ গৰাকী ৰোগী সুস্থ হৈ উঠিছে । আনহাতে, তিনিজন ৰোগীক উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । ইফালে, ১৩২ গৰাকী ৰোগীক হোম আইচলেচনত ৰখা হৈছে ।

লগতে পঢ়ক: কৰ’ণাৰ ভয়াৱহতা : বন্ধ হ’ল পবিতৰা অভয়াৰণ্যৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.