ETV Bharat / state

ডিমা হাছাওত নতুনকৈ ৭ জন লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : Apr 19, 2021, 9:03 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাত ক'ভিড-১৯ ৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে । সোমবাৰে নতুনকৈ ৭ জন লোক কৰ'ণাত আক্ৰান্ত হয় । মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে ।

ডিমা হাছাওত নতুনকৈ ৭ জন লোক কৰ'ণাত আক্ৰান্ত
ডিমা হাছাওত নতুনকৈ ৭ জন লোক কৰ'ণাত আক্ৰান্ত

ডিমা হাছাও, ১৯ এপ্ৰিল: ক'ভিড - ১৯ ৰ সংক্ৰমণৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে হাস্পতাল সমূহত ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা নাই । দিল্লীৰ দৰে চহৰত লকডাউন ঘোষণা কৰিব লগীয়া পৰ্যায় পাইছেগৈ । সমান্তৰালকৈ অসমতো ক'ভিড-১৯ ৰ সংক্ৰমণ পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে ।

ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে । সোমবাৰে ডিমা হাছাও জিলাত নতুনকৈ ৭ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হয় । ইয়াৰ সৈতে বৰ্তমান জিলাখনত আক্ৰান্তৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে । সোমবাৰে উমৰাংচুৰ ডালমিয়া চিমেণ্ট কোম্পানীত কৰ্মৰত ৪ গৰাকী কৰ্মচাৰীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।

ইয়াৰ উপৰিও নিউ হাফলং ৰে'ল ষ্টেচনত বহিঃৰাজ্যৰ পৰা অহা দুগৰাকী ব্যক্তি আৰু হাৰেংগাজাওত এজন লোক মহামাৰীত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে ।

মাস্ক পৰিধান নকৰা লোকক ১ হাজাৰ টকা জৰিমনা বিহিব প্ৰশাসনে । মহামাৰীৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলাখনৰ বিভিন্ন ঠাইত ডিমা হাছাও আৰক্ষীয়ে সজাগতামূলক অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ বাসগৃহ শুৱনি কৰিবলৈ সাজু চ্যুকাফা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.