ডিমা হাছাও, 24 জুনঃ মঙলবাৰে হাফলং চৰকাৰী বাগান দিহাম ৰাজিত ডিএইচডি(জে) আৰু ডিএইচডি(এন)ৰ প্ৰাক্তন সদস্য সকলে এখন সংবাদমেল সম্বোধন কৰে ৷ ৰাজ্যৰ এখন আগশাৰীৰ বাতৰি কাকতত সংগঠনটোৰ নামত প্ৰকাশিত বাতৰিয়ে সংগঠন দুটাৰ সদস্যসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে বুলি সংবাদমেলযোগে ব্যক্ত কৰে ডিএইচডি (এন)ৰ প্ৰাক্তন সদস্য বিনেন্দ্ৰ জিদোঙয়ে ৷ তেখেতে আৰু কয় যে,চৰকাৰৰ সৈতে সংগঠনটোৱে স্বাক্ষৰ কৰা চুক্তিৰ সফল ৰূপায়নৰ বাবেই ইতিমধ্যে তেওঁলোকে ‘ডিমা জলাই হচম’ নামৰ এটি নতুন সংগঠন গঠন কৰিছে ৷ এই সংগঠনটোৱে সমাজৰ বাবে সময়ে সময়ে বিভিন্ন উন্নয়নমূলক কাম-কাজো কৰি আহিছে ৷
আনহাতে,উক্ত বাতৰি সন্দৰ্ভত ডিমা জলাই হচমৰ সাধাৰণ সম্পাদক প্ৰবীণ হাগজেৰে কয় যে,বাতৰিত প্ৰকাশ কৰাৰ দৰে ডিএইচডি সংগঠন কেতিয়াও মানুহক হত্যা কৰাৰ বাবে গঠন কৰা হোৱা নাছিল ৷ আমি 2009 চনত বন্দুক এৰি মূল সুঁতিলৈ ঘূৰি আহি সাধাৰণ জীৱন যাপন কৰি আছো ৷ সেয়েহে এনেধৰণৰ বাতৰিয়ে সংগঠনৰ সদস্যসকলৰ মনত ক্ষোভ সৃষ্টি কৰা বুলি জানিবলৈ দিয়ে প্ৰবীণ হাগজেৰে ৷ এইক্ষেত্ৰত বাতৰি কাকাতখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো সকীয়নি প্ৰদান কৰে ডিমা জলাই হচমৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷
লগতে পঢ়ক- বি পি এফৰ পতাকা আজিকালি শৌচালয়ত পোৱা যায়-পৃথিৰাজ মেচ