ডিমা হাছাও, 10 অক্টোবৰ : ডিএইচডি উগ্ৰপন্থী সংগঠনৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত শান্তি চুক্তি 'MOS' স্বাক্ষৰিত হোৱাৰ 8 বছৰ পাৰ হৈ যোৱাৰ পিছতো এই শান্তি চুক্তিৰ সফল ৰূপায়ন হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ডিএইচডি-ৰ প্ৰাক্তন অধ্যক্ষ তথা হালালি প্ৰগ্ৰেচিভ ৱেলফেয়াৰ চছাইটিৰ সভাপতি দিলীপ নুনিচাই । 2012 চনৰ 8 অক্টোবৰত দিল্লীৰ নৰ্থ ব্লকত তৎকালীন ইউপিএ চৰকাৰ লগত ডিএইচডি নুনিচা গোট আৰু ডিএইচডি জুৱেল গোটৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ।
কিন্তু এই শান্তি চুক্তি তথা MOS স্বাক্ষৰিত হোৱাৰ 8 বছৰ পাৰ হৈ যোৱাৰ পিছত এই MOS-ত সন্নিবিষ্ট হোৱা বহু ক্ল’জৰ এতিয়া সফল ৰূপায়ন হোৱা নাই বুলি অভিযোগ কৰি দিলীপ নুনিচাই কয়, কেন্দ্ৰত বৰ্তমান নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত থকা এনডিএ চৰকাৰ আৰু ডিএইচডি-ৰ লগত হোৱা শান্তি চুক্তিৰ সফল ৰূপায়নত আন্তৰিক নহয় । আনহাতে দিলীপ নুনিচাই কয় চৰকাৰ লগত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ 8 বছৰ পাৰ হোৱাৰ পিছতো ডিএইচডি কেডাৰসকলৰ পুনসংস্থাপনৰ ব্যৱস্থা হোৱা নাই ৷ তাৰোপৰি ডিএইচডি কেডাৰসকলৰ বিৰুদ্ধে থকা বিভিন্ন গোচৰ সমূহো তুলি লোৱা নহ'ল ।
দুৰ্ভাগ্যজনকভাৱে এতিয়া ডিএইচডি কেডাৰসকলক নিৰাপত্তা বাহিনীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে নুনিচাই ৷ MOS-ত লিপিবদ্ধ হোৱা ডিমা হাছাও জিলাৰ বাহিৰত থকা ডিমাচা জনগোষ্ঠীৰ মানুহৰ বাবে উন্নয়ন পৰিষদ গঠন কৰা, ডিমাচাসকলৰ ভাষা সাহিত্য আৰু সংস্কৃতি ৰক্ষা কৰাৰ লগতে ডিমাচা ৰজাৰ স্মৃতিসৌধসমূহ সংৰক্ষিত কৰাৰ ক্ষেত্ৰত কোন ব্যৱস্থা এতিয়াও লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে দিলীপ নুনিচাই ।
লগতে পঢ়ক : হিমন্তই বন্ধ কৰিলেও আজমলে খুলিব মাদ্ৰাছা-টোল