ডিমা হাছাও,২২ মে': প্ৰবল প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰা অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত শনিবাৰে উপস্থিত হয় আছুৰ এক প্ৰতিনিধি দল । জৰ্জৰিত অঞ্চলটোত উপস্থিত হৈ প্ৰতিনিধি দলটোৱে ভূমিস্খলন আৰু বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হোৱা হাফলংৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে । আছুৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ।
দেওবাৰে হাফলঙৰ মলহয় গাঁও আৰু হাফলংৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে দলটোৱে । লগতে হাফলংৰ ওচৰতে থকা হকাই পুনজি গাঁৱত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা তিনিগৰাকী লোকৰ দুৰ্ভগীয়া পৰিয়ালকেইটিক সাক্ষাৎ কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু শংকৰ জ্যোতি বৰুৱাই । পৰিয়াল তিনিটাক সাহায্য আৰু সহযোগিতা প্ৰদানৰ আশ্বাস দিয়ে আছুৰ প্ৰতিনিধি দলটোৱে ।
উল্লেখ্য যে, ভূমিস্খলনৰ লগতে বাঢ়নী পানীয়েও ভয়ংকৰ ৰূপ ধাৰণ কৰে ডিমা হাছাও জিলাত (Flood in Dima Hasao)। জিলাখনৰ বহু লোক ইতিমধ্যে বানপানীৰ ফলত গৃহহীন হৈ পৰিছে । ইফালে ভূমিস্খলনৰ ফলত গাঁও আৰু চহৰৰ বহু লোক ক্ষতিগ্ৰস্ত হোৱা দেখা যায়(Deadly landslide in Dima Hasao district)। বহু লোকৰ ঘৰ এতিয়া হয় পানীৰ তলত, নহ'লে মাটিয়ে পুতি পেলাইছে ।
যোগাযোগ তথা বিদ্যুৎ সেৱাও হৈ পৰে স্তব্ধ । যাৰ পৰিপ্ৰেক্ষিতত কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা । বাতিল কৰা হৈছিল কেইবাখনেো ৰে'ল । বিধ্বস্ত হৈ পৰিল হাফলং ৰে'ল ষ্টেচনটো । এই সকলো অঞ্চল পৰিদৰ্শন কৰে আছুৰ প্ৰতিনিধি দলটোৱে ।
লগতে পঢ়ক: ৰাণা পগাগক জেৰা চলায় কি কি তথ্য পালে গড়মূৰ আৰক্ষীয়ে ?