ETV Bharat / state

প্ৰচণ্ড প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ডিমা হাছাও জিলা

author img

By

Published : May 14, 2022, 2:14 PM IST

ডিমা হাছাওত প্ৰকৃতিৰ তাণ্ডৱ । ভূমিস্খলনৰ ফলত ঘৰ-বাৰী হেৰুৱাইছে বহুজনে(Many people have lost their homes due to landslides) । ইফালে নৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বহুলোকৰ ঘৰবাৰী পানীত বুৰ যোৱাৰ উপক্ৰম হৈছে ।

deadly-natural-disaster-in-dima-hasao
প্ৰচণ্ড প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ডিমা হাছাও জিলা

ডিমা হাছাও,১৪ মে': প্ৰচণ্ড প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও । ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফঙৰ লগতে পাহাৰীয়া জিলাৰ বিভিন্ন এলেকাৰ যোগাযোগ সম্পূৰ্ণ বন্ধ হৈ পৰিছে । ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ ফলত ৰাজ্যৰ অন্যান্য অংশৰ লগতে হাফলঙৰ যোগাযোগ প্ৰায় বিছিন্ন হৈ পৰিছে ।

ডিমা হাছাও জিলাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী চুবুৰীয়া অঞ্চলসমূহত প্ৰচণ্ড বৰষুণৰ ফলত ডিমা হাছাও জিলাত প্ৰচুৰ ক্ষয়ক্ষতি হোৱাৰ তথ্য পোহৰলৈ আহিছে । ডিমা হাছাও জিলাৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ফলত বহু ঘৰ ভাঙি পৰে(Many people have lost their homes due to landslides) । হাফলং চহৰত ডাঙৰ ডাঙৰ গছ বাগৰি পৰাৰ পলত পথ সমূহৰে স্তব্ধ হৈ পৰে । ভূমিস্খলনৰ ফলত হাফলং জি চি লাংথাচা হাইস্কুলৰ পুৰণি গৃহৰ সম্পূৰ্ণ ভাঙি পৰে যাৰ ফলতে বিদ্যালয় খনৰ আচবাবপত্ৰ, কম্পিউটাৰ আদি সম্পূৰ্ণ ৰূপে নষ্ট হৈ পৰে ।

অন্যহাতে হাফলং হ্ৰদৰ বাঢ়নী পানীয়ে হাফলং চহৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰি তুলিছে । প্ৰচণ্ড বৰষুণ অব্যাহত থকাৰ ফলত সমগ্ৰ পাহাৰীয়া জিলা খনৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে । জিলাখনত বাট-পথৰ লগতে বিদ্যুৎ সেৱাও বন্ধ হৈ পৰিছে(Landslides have blocked roads as well as power services) ।

ইপিনে মাহুৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত বহু লোকৰ ঘৰ এতিয়া পানীত বুৰ যোৱাৰ উপক্ৰম হৈছে । নৈৰ কাষৰীয়া অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত এতিয়া বহু লোকৰ বাসগৃহ নৈত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । ইফালে জিলা দুৰ্যোগ প্ৰশমন বিভাগে সতৰ্কতা জাৰি কৰি কয় জৰুৰী কামৰ বাদে কোন লোক যাতে বাহিৰত ওলাই নাহে আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কোনে যাতে কোনো স্থানলৈ যাত্ৰা নকৰে ।

লগতে পঢ়ক: Bomb blast in Imphal : ইম্ফলত বোমা বিস্ফোৰণত আহত এজন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.