ETV Bharat / state

ডিমা হাছাওত শান্তিপূৰ্ণ সান্ধ্য আইন

author img

By

Published : Apr 28, 2021, 8:54 AM IST

কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যত জাৰি সান্ধ্য আইন ৷ ডিমা হাছাওতো শান্তিপূৰ্ণ সান্ধ্য আইন অব্যাহত ৷ বাহিৰৰ পৰা আহি ডিমা হাছাওত প্ৰৱেশ কৰা ব্যৱসায়ীসকলৰ ওপৰতো নিষেধাজ্ঞা জাৰি জিলা প্ৰশাসনৰ ।

curfew-at-dimahasao
প্ৰশাসনৰ সান্ধ্য আইন জাৰি ডিমা হাছাও জিলাত

ডিমা হাছাও,28 এপ্ৰিল: ডিমা হাছাওতো ক্ৰমাৎ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । মঙলবাৰৰ দিনটোত নতুনকৈ 11 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । বৰ্তমানে জিলাখনত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 84 গৰাকীলৈ বৃদ্ধি হৈছে । পাহাৰীয়া জিলাখনত কৰ'ণাত আক্ৰান্ত 84 গৰাকী লোকৰ ভিতৰত ইতিমধ্যে 14 গৰাকী লোক সুস্থ হৈ উঠিছে । জানিব পৰা মতে, বৰ্তমানে ইয়াৰে 4 গৰাকী ৰোগীৰ চিকিৎসা হাফলং অসামৰিক চিকিৎসালয়ত চলি থকাৰ বিপৰীতে 66 গৰাকী ৰোগীক ৰখা হৈছে হোম আইচ’লেচনত ।

আনহাতে, ডিমা হাছাওত বাহিৰৰ পৰা প্ৰৱেশ কৰা ব্যৱসায়ীসকলৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে । কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি হাফলং নগৰ সমিতিয়েও বাহিৰৰ পৰা জিলাখনত প্ৰৱেশ কৰা ব্যৱসায়ীসকলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷

উল্লেখযোগ্য যে, প্ৰতি শনিবাৰে হাফলঙত আৰু বুধবাৰে হাফলং চৰকাৰী বাগানত সাপ্তাহিক বজাৰ বহে ৷ এই সাপ্তাহিক বজাৰ কেইখনত সচৰাচৰ বাহিৰৰ বহু ব্যৱসায়ীৰ আগমন ঘটে ৷ এতিয়াৰে পৰা অনিৰ্দিষ্টকাললৈ এই ব্যৱসায়ীসকলে জিলাখনত ব্য়ৱসায় কৰিব নোৱাৰিব বুলি জনায় হাফলং নগৰ সমিতিয়ে ।

লগতে পঢ়ক : ১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.