ETV Bharat / state

ক'ভিড পৰিস্থিতি সন্দৰ্ভত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত জৰুৰী বৈঠক

author img

By

Published : Apr 18, 2021, 1:19 PM IST

ৰাজ্যৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিক লৈ শনিবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয়ত এক জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয় । জিলাখনৰ স্বাস্থ্য বিভাগৰ সৈতে ক'ভিড পৰিস্থিতিক লৈ এক জৰুৰী বৈঠকত মিলিত হয় উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব জুবি নামপুই ।

ৰাজ্যৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতি সন্দৰ্ভত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত জৰুৰী বৈঠক

ডিমা হাছাও, ১৮ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো তড়িৎ গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । ৰাজ্যৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিক লৈ শনিবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয়ত এক জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয় । জিলাখনৰ স্বাস্থ্য বিভাগৰ সৈতে ক'ভিড পৰিস্থিতিক লৈ এক জৰুৰী বৈঠকত মিলিত হয় উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব জুবি নামপুই ।

জিলাখনৰ নিউহাফলং ষ্টেচনত নিতৌ বহিঃৰাজ্য পৰা অহা ৰেল যাত্ৰীসকলৰ ক'ভিড পৰীক্ষা কৰা হৈছে ঠিক তেনেদৰে মানদাৰদিছা দিয়ুংমুখ আৰু ডিটেকচৰাত তালাচী চকীৰে ডিমা হাছাও জিলাত প্ৰৱেশ কৰা সকলো ব্যক্তিৰ ক'ভিড পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । লগতে যিহেতু ডিমা হাছাও জিলাত এতিয়ালৈ আৰটিপিচিআৰ পৰীক্ষাৰ ব্যৱস্থা কৰা নাই তাৰবাবে আৰটিপিচিআৰ পৰীক্ষাৰ বাবে স্বোৱাব সংগ্ৰহ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অতিশীঘ্ৰেই জিলাখনত আৰটিপিচিআৰ পৰীক্ষাৰ বাবে গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্ত লোৱা হয় ।

ইপিনে, জিলাখনত নতুনকৈ আৰু এগৰাকী ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ লগতে পাহাৰীয়া জিলাখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে । ইপিনে সোমবাৰৰ পৰা জিলাখনৰ সকলো টীকাকৰণ কেন্দ্ৰত কৰ'ণাৰ টীকা প্ৰদান কৰা হ'ব । ৪৫ বছৰৰ উৰ্ধৰ সকলো ব্যক্তিক ৰাতিপুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ প্ৰদান কৰা হ'ব কৰ'ণা টীকাকৰণ । এই জৰুৰী বৈঠকত উপস্থিত আছিল স্বাস্থ্য বিভাগৰ যুটীয়া সচিব টি টি দাওলাগাপু । জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালিকা ডাঃ লিনা হাকমকচা জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ পৰিক্ষীত থাওচেন ।

লগতে পঢ়ক: মৰ্মান্তিক ! বাছৰ আসনতে জীৱন্তে জ্বলিল চালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.