ডিমা হাছাও, 6জুন : শাম কটা নাই কৰ’ণাৰ সংক্ৰমণ ৷ এতিয়াও জিলাই জিলাই জিলাই চিনাক্ত হৈয়েই আছে ক’ভিড আক্ৰান্ত ৷ ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 1710 গৰাকী লৈ বৃদ্ধি । শনিবাৰৰ দিনটোত পাহাৰীয়া জিলা খনত 53 গৰাকী ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাচৰ অৱস্থিতি ধৰা পৰে । শনিবাৰে ডিমা হাছাও জিলাত 450 গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষাৰ পিচতে 53 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাচৰ উপস্থিতি ।
ইপিনে ডিমা হাছাও জিলাত সুস্থ হোৱা কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 902 গৰাকী । বৰ্তমানে জিলাখনত 766 গৰাকী সক্ৰিয় ক’ভিড ৰোগী আছে ৷ ইয়াৰ ভিতৰত হোম আইচ'লেচনত থকা ৰোগীৰ সংখ্যা 705 গৰাকী ৷ আনহাতে হাফলং অসামৰিক চিকিৎসালয় আৰু ক’ভিড কেয়াৰ চেণ্টাৰত যথাক্ৰমে ৰোগীৰ সংখ্যা হৈছে 38 আৰু 14 গৰাকী । ইতিমধ্যে জিলাখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 12 গৰাকী ৰোগীৰ ।
লগতে পঢ়ক : কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত কৰ্মৰত জোৱান নিৰুদ্দেশ