ETV Bharat / state

ডিমা হাছাওত পুনৰ এজন কৰ'ণা আক্ৰান্তৰ মৃত্যু

author img

By

Published : May 14, 2021, 10:59 AM IST

ডিমা হাছাও জিলাত ৪০৩ জনলৈ বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । বৃহস্পতিবাৰে জিলাখনত পুনৰ এজন ক'ভিড ৰোগী মৃত্যু হৈছে । ডিমা হাছাওত বৰ্তমানলৈকে ১৭২ গৰাকী লোক আৰোগ্য হৈ উঠিছে ।

DIMA HASAO COVID SITUATION
ডিমা হাছাওত পুনৰ এজন ক'ভিড আক্ৰান্তৰ মৃত্যু

ডিমা হাছাও, ১৪ মে': বৃহস্পতিবাৰে পুনৰ ডিমা হাছাও জিলাৰ এজন কৰ'ণা আক্ৰান্তই প্ৰাণ হেৰুৱালে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় । মৃত লোকজন হাৰেংগাজাও নাৰায়ণপুৰৰ বাসিন্দা সুজিত ডিবৰাগেডে বুলি জানিব পৰা গৈছে ।

ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাচতে তেওঁক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

অৱশেষত মহামাৰীৰে যুঁজি হাৰ মানিলে ৪৫ বছৰীয়া লোকজনে । আনহাতে, বৃহস্পতিবাৰে হাফলং অসামৰিক চিকিৎসালয়ৰ দুগৰাকী চিকিৎসকসহ মুঠ ৩৭ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । এতিয়ালৈকে ডিমা হাছাও জিলাত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪০৩ জন ।

জিলাখনত ১৭২ গৰাকী আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে । হাফলং অসামৰিক চিকিৎসালয়ত ৪০ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে ১৮৪ গৰাকী ৰোগীক হোম আইচ'লেশ্যনত ৰখা হৈছে । আনহাতে, ৫ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিছে ।

লগতে পঢ়ক:হাজোত এখন বাহনৰ ওপৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.