ডিমা হাছাও, 29 এপ্ৰিল: ডিমা হাছাও জিলাত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । পাহাৰীয়া জিলাখনত এতিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । তাকে লৈ এতিয়া সৃষ্টি হৈছে আতংকৰ ।
ডিমা হাছাও জিলাত এতিয়ালৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 113 গৰাকী লৈ বৃদ্ধি হৈছে । বৃহস্পতিবাৰে জিলা খনত 16 গৰাকী ব্যক্তিৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ মাজত হাফলং চহৰৰ এখন বেচৰকাৰী বিদ্যালয়ৰ শিক্ষয়ত্ৰী কৰ'ণাত আক্ৰান্ত হৈছে । যাৰ বাবে এই বিদ্যালয় খন 3 মে’লৈকে বন্ধ ঘোষণা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।
ইপিনে ডিমা হাছাওত কৰ'ণা ভাইৰাছত আক্ৰান্ত 113 গৰাকী ৰোগীৰ মাজতে 17 গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে । 10 গৰাকী ৰোগীৰ হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসা অব্যাহত থকাৰ বিপৰীতে 86 গৰাকী ৰোগীক স্বগৃহত কোৱাৰেন্টাইনত ৰখা হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিছে ৷
লগতে পঢ়ক: ক'ভিডে ভাৰতৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবি পোহৰলৈ আনিছে