ETV Bharat / state

দুবছৰে সম্পূৰ্ণ নহ’ল চাৰি কিলোমিটাৰ পথ নিৰ্মাণৰ কাম: অযুহাত ক’ভিড

ডিমা হাছাওত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা(pradhan mantri gram sadak yojana)ৰ অধীনত পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ৷ 2 বছৰেও সম্পূৰ্ণ হোৱা নাই এই চাৰি কিলোমিটাৰ পথ নিৰ্মাণৰ কাম ।

covid-became-excuse-for-not-completing-4-km-road-under-pradhan-mantri-gram-sadak-yojana-in-two-years
দুবছৰে সম্পূৰ্ণ নহ’ল চাৰি কিলোমিটাৰ পথ নিৰ্মাণৰ কামঃ অযুহাত ক’ভিড
author img

By

Published : Aug 1, 2021, 1:27 PM IST

ডিমা হাছাও, 1 আগষ্ট : প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (pradhan mantri gram sadak yojana)ৰ অধীনত পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি ৷ অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত সংঘটিত হৈছে এই দুৰ্নীতি । দুই বছৰে সম্পূৰ্ণ হোৱা নাই ডিমা হাছাও জিলাৰ নিওকবিন গাঁৱৰ পৰা হোকাই পৰ্যন্ত চাৰি কিলোমিটাৰ পথ নিৰ্মাণৰ কাম ।

কেন্দ্ৰৰ গ্ৰমোন্নয়ণ মন্ত্ৰণালায়ৰ পৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কোটি কোটি টকা মোকলাই দিয়াৰ পিছতো এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছে । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাৰ নিওকবিন গাঁৱৰ পৰা হোকাই গাঁও লৈকে 4.2 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম দিয়া হৈছিল চম্পা বসুমতাৰী নামৰ এগৰাকী ঠিকাদাৰক ৷ এই কাম আৰম্ভ হৈছিল 2019 চনৰ 4 এপ্ৰিলৰ পৰা আৰু পথটো নিৰ্মান কৰাৰ সময় সীমা আছিল 2020 চনৰ 2 জানুৱাৰী ৷ কিন্তু, 2 বছৰেও সম্পূৰ্ণ হোৱা নাই এই চাৰি কিলোমিটাৰ পথ ।

দুবছৰে সম্পূৰ্ণ নহ’ল চাৰি কিলোমিটাৰ পথ নিৰ্মাণৰ কামঃ অযুহাত ক’ভিড

হাফলঙৰ লোক নিৰ্মাণ বিভাগৰ অধীনত 3 কোটি 20 লাখ 37 হাজাৰ টকা ব্যয়ত এই পথ নিৰ্মান হোৱাৰ কথা আছিল ৷ পথ নিৰ্মাণ হোৱাৰ পিচতে 5 বছৰৰ বাবে পথ মেৰামতি কৰাৰ বাবে 25 লাখ টকা ধাৰ্য কৰা হৈছিল যদিও পথটো নিৰ্মাণৰ কাম 40 শতাংশও সম্পূৰ্ণ হোৱা নাই ৷

কিন্তু, কেন্দ্ৰীয় চৰকাৰৰ মেৰা চড়ক(Mera Sadak) নামৰ এটা পৰ্টেলত দেখুৱা হৈছে নিওকবিন গাঁৱৰ পৰা হোকাই গাঁও লৈকে 99 শতাংশ কাম সম্পূৰ্ণ হৈছে । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এ এছ 14 পেকেজৰ এই চাৰি কিলোমিটাৰ পথ নিৰ্মাণৰ কামৰ দায়িত্বত আছে হাফলং লোক নিৰ্মান বিভাগৰ ছাইট ইঞ্জিনীয়াৰ অনিৰুদ্ধ বিশ্বাস ৷ কিন্তু, ক’ভিডৰ নামত এই পথটো নিৰ্মান হোৱা নাই বুলি তেওঁ মন্তব্য কৰিলেও প্ৰকৃততে অসমত ক’ভিডৰ সংক্ৰমণ আৰম্ভ হয় 2020 চনৰ মাৰ্চত হে ৷

কিন্তু, এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল 2020 চনৰ 2 জানুৱাৰী । গাঁৱৰ মানুহৰ অভিযোগ এই প্ৰকল্পৰ অধীনত পথ নিৰ্মাণৰ নামত চলিছে ব্যাপক অনিয়ম । পথ নিৰ্মাণৰ বাবে গাঁও খনৰ বিভিন্ন ঠাইত যি কালভাৰ্ট নিৰ্মান কৰা হৈছে এই কালভাৰ্ট নিৰ্মান কৰা হৈছে অতি নিম্নমানৰ ইতিমধ্যে নিৰ্মান কালভাৰ্ট সমূহত ফাট মেলিছে ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰত পুলৱামা আক্ৰমণত জড়িত দুই সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.