ETV Bharat / state

ডিমা হাছাওত কভিড 19ৰ আতংকঃ গাঁৱে গাঁৱে নিষিদ্ধ কৰা হৈছে বাহিৰৰ লোকৰ প্ৰৱেশ

author img

By

Published : Apr 2, 2020, 4:21 PM IST

কভিড-19 ৰোগকলৈ ডিমা হাছাও জিলাত সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷ বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে জিলাখনৰ বহুকেইখন গাঁৱত ৷ ইফালে লক ডাউন অমান্য কৰাৰ বাবে হাফলং চহৰৰ পৰা 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

covid-19-terror-at-dima-hasao-district
ডিমা হাছাও জিলাত কভিড 19ৰ আতংক

ডিমা হাছাও, 2 এপ্ৰিলঃ কভিড-19 ৰোগক লৈ ডিমা হাছাও জিলাত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । জিলা খনৰ কেইবাখন গাঁৱত বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে গাঁওবাসীয়ে । অসমত কভিড 19 ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাবে জিলাৰ প্ৰায়বোৰ গাঁৱতে এই ব্যৱস্থা লোৱা হৈছে । দিনে নিশাই গাঁৱৰ প্ৰৱেশ পথত পহৰা দি আছে ভিডিপি সদস্য সকলে ।

ডিমা হাছাও জিলাত কভিড 19ৰ আতংক

ইয়াৰ বিপৰীতে হাফলং চহৰৰ ৰাইজ এতিয়াও সজাগ হোৱা নাই । লক ডাউন অমান্য কৰি ৰাজপথলৈ ওলাই অহাৰ বাবে হাফলং চহৰৰ পৰা 5 জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । অৱশ্যে এই লোকসকলক সতৰ্ক কৰি দি জামিনত মুকলি কৰি দিয়ে আৰক্ষীয়ে ৷ ইয়াৰ উপৰি জিলাৰ বিভিন্ন ঠাইৰ পৰা বহু কেইখন বাহন জব্দ কৰে আৰক্ষীয়ে ৷

আনহাতে ডিমা হাছাও জিলাত বহিঃ ৰাজ্যৰ পৰা অহা 519 গৰাকী ব্যক্তিক নিজ গৃহত আছুতীয়াকৈ ৰখা হৈছে । বৰ্তমান অসমত কভিড 19 ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত এই 519 গৰাকীক 28 দিনৰ কাৰণে নিজ গৃহত আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰে ডিমা হাছাও জিলা প্ৰশাসনে। ইয়াৰ উপৰিও এতিয়ালৈ ডিমা হাছাও জিলাত 2895 গৰাকী ব্যক্তিক নিৰীক্ষণত ৰখা হৈছে ।

লগতে পঢ়কঃঅৰুণাচলৰ প্ৰথম গৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সন্ধান লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.