ডিমা হাছাও, 24 আগষ্ট : ৰাজ্যৰ লগতে ডিমা হাছাও জিলাত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা । ডিমা হাছাও জিলাত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা 365 গৰাকীলৈ বৃদ্ধি । সপ্তাহিক লক্ ডাউনৰ পিছত বজাৰ পোহৰত জনসাধাৰণে মানি চলা নাই স্বাস্থ্যবিধিৰ নীতি-নিয়ম । যাৰ বাবে ডিমা হাছাও জিলাত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে ব্যাপক হাৰত ।
উল্লেখ্য যে, ডিমা হাছাও জিলাত ক’ভিড-19 আক্ৰান্তৰ 365 গৰাকী ৰোগীৰ মাজত 238 গৰাকী ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে । বৰ্তমানে হাফলং অসামৰিক চিকিৎসালয়ৰ আইচ’লেচনত 80 গৰাকী ৰোগীৰ চিকিৎসা চলি থকাৰ বিপৰীতে জিলাৰ বাহিৰত 47 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ৷
লগতে চাওক-যোৰহাটৰ NID স্থিত ক’ভিড চেন্টাৰৰ পৰা পলায়ণ 8 শিশুৰ