ETV Bharat / state

ডিমা হাছাও জিলাত 153 জনলৈ বৃদ্ধি ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jul 21, 2020, 10:44 PM IST

ৰাজ্যৰ সমান্তৰালকৈ ডিমা হাছাও জিলাত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷

ডিমা হাছাও জিলাত 153 জনলৈ বৃদ্ধি ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা
ডিমা হাছাও জিলাত 153 জনলৈ বৃদ্ধি ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা

ডিমা হাছাও, 21 জুলাই: ডিমা হাছাও জিলাত নতুনকৈ 4 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি । ডিমা হাছাও জিলাৰ উমৰাংচ'ত চাৰিগৰাকী শ্ৰমিকৰ দেহত ধৰা পৰে এই ভাইৰাছ ।

ইয়াৰ লগে-লগে ডিমা হাছাও জিলাখনত ক’ভিড-19 ৰোগীৰ সংখ্যা 153 জনলৈ বৃদ্ধি পায় । ডিমা হাছাও জিলাত ৰেপিড এন্টিজেন পৰীক্ষা আৰম্ভ হোৱাৰ বাবেই জিলাখনত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকাই দেখা দিছে ৷ এতিয়াও 600 তকৈ অধিক লোকৰ স্বাৱ টেষ্টৰ ফলাফল আহিবলৈ বাকী আছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ৷

উল্লেখ্য যে, ডিমা হাছাও জিলাত ক’ভিডৰ 153 গৰাকী আক্ৰান্তৰ 136 গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতি গৈছে । বৰ্তমানে হাফলং অসামৰিক চিকিৎসালয়ৰ আইচ’লেচনত 17 গৰাকী ক’ভিড-19 ৰোগীৰ চিকিৎসা চলাই থকা হৈছে ।

লগতে চাওক-জোনাই আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.