ETV Bharat / state

ডিমা হাচাওত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাঁফিলতি

জাতিংগা-হাৰেংগাজাও চাৰিলেন ঘাইপথ নিৰ্মাণ কাৰ্যত তদন্তৰ দাবী জনায় এন চি হিলচ ইণ্ডিজেনাচ ষ্টুডেন্টচ ফ'ৰামে। ফ'ৰামৰ সভাপতি ডেভিড কেভমে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় ৷

author img

By

Published : Jan 8, 2020, 11:52 PM IST

Corruption in Dima Hasao National Highway
জাতিংগা-হাৰেংগাজাও চাৰিলেন ঘাইপথ নিৰ্মাণত গাফিলতি

ডিমা হাছাও, 8 জানুৱাৰীঃ দীৰ্ঘদিন ধৰি ডিমা হাছাওৰ জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত 25 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা শোচনীয় হৈ আছে । জাতিংগাৰ পৰা হাৰেংগাজাও লৈ যোৱা চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য্যৰ গাঁফিলতিক তদন্ত কৰাৰ দাবী জনাইছে এন চি হিলচ ইণ্ডিজেনাচ ষ্টুডেন্টচ ফ'ৰামে ৷ ফ'ৰামৰ সভাপতি ডেভিড কেভমে সংবাদ মাধ্যমৰ আগত কয়, যোৱা 13 নৱেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ অভিযন্তা অলক কুমাৰ জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰিছিল ৷

জাতিংগা-হাৰেংগাজাও চাৰিলেন ঘাইপথ নিৰ্মাণত গাফিলতি

জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত 25 কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি টকাৰ অনুমোদন জনোৱা হৈছে ৷ বিগত বছৰৰ 1 ডিচেম্বৰৰ পৰা ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি আশ্বাস দিয়াৰ পিছত এতিয়ালৈ আৰম্ভ নহ'ল ৰাস্তা নিৰ্মাণৰ কাম ৷ এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কাম লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ উদাসীন বুলি অভিযোগ উত্থাপন কৰিছে ফৰামৰ সভাপতিয়ে ৷

আৰু পঢ়ক : ডিমা হাছাওত নিৰ্মাণ হ'ব চাৰিলেনযুক্ত পথ

Intro:ডিমা হাছাও 7 জানুৱাৰী: জাতিংগাৰ পৰা হাৰেংগাজাও লৈ চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কামৰ গাফিলতী লৈ তদন্ত কৰাৰ দাবী জনাইছে এন সি হিলচ ইণ্ডিজনাচ ষ্টুডেন্টস ফৰাম। দীৰ্ঘদিনৰ পৰা জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত 25 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা শোচনীয় হৈ পৰিছে। কিন্তু ঘাইপথটো নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ঘাইপথটো নিৰ্মাণৰ বাবে একো গুৰুত্ব দিয়া নাই বুলি অভিযোগ।Body:ইপিনে আজি এন সি হিলচ ইণ্ডিজনাচ ষ্টুডেন্টস ফৰামৰ সভাপতি ডেভিড কেভম সংবাদ মাধ্যমৰ আগত কয় যোৱা 13 নৱেম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ অভিযন্তা অলক কুমাৰ জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰি জনাইছিল জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত 25 কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি টকাৰ অনুমোদন জনোৱা হৈছে যোৱা বছৰৰ 1 ডিচেম্বৰৰ পৰা ঘাইপথ নিৰ্মান কাম আৰম্ভ হব বুলি আশ্বাস দিয়াৰ পিছত এতিয়ালৈ ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ নো হল। রাস্তাটো মৰণফাদত পৰিণত হৈ পৰিছে।Conclusion:আনহাতে এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কাম লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ উদাসীন বুলি অভিযোগ উত্থাপন কৰি জাতিংগা-হাৰেংগাজাও 25 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কামত গাফিলতী লৈ অনতিপলমে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তদন্ত কৰিব লাগে বুলি দাবী জনায় ডেভিড কেভমে। ইয়াৰ পিছত ও যদি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নো কৰে তেনেহলে ইণ্ডিজনাচ ষ্টুডেন্টস ফৰাম আন্দোলন কৰিবলৈ বাধ্য হব বুলি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে ডেভিড কেভমে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.