ETV Bharat / state

কংগ্ৰেছ শাসনলৈ আহিলে পৃথক ৰাজ্য পাব কাৰ্বি-আংলং আৰু ডিমা হাচাৱে ! - Ripun bora pressmeet

উল্লেখ্য যে, কংগ্ৰেছ দলে 2021 ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলৰ লগত আলোচনা কৰি বিকল্পৰ বাবে চিন্তা-চৰ্চা কৰিব বুলিও প্ৰকাশ কৰে ৰিপুন বৰাই।

পৃথক ৰাজ্য পাব কাৰ্বি-আংলং আৰু ডিমা হাচাৱে

author img

By

Published : Feb 29, 2020, 3:03 PM IST

ডিমা হাছাও, 29 ফেব্ৰুয়াৰী: 2021 চনত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে কাৰ্বি-আংলং আৰু ডিমা হাচাওৰ পৃথক ৰাজ্য গঠনৰ দাবীক অধিক গুৰুত্ব প্ৰদান কৰা হ'ব বুলি শুকুৰবাৰে এখন সংবাদমেলৰ জৰিয়তে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । কংগ্ৰেছে শাসনভাৰ পালে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ডিমা হাছাও কাৰ্বি-আংলং আৰু পশ্চিম কাৰ্বি-আংলঙলৈ সংবিধানৰ 244(এ) অধীনত ৰাজ্যৰ ভিতৰত পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীৰ সফল ৰূপায়ন কৰাৰ চেষ্টা চলাব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে ।

পৃথক ৰাজ্য পাব কাৰ্বি-আংলং আৰু ডিমা হাচাৱে

মাইবাঙত জনজাগৰণ যাত্ৰাত অংশলৈ শুকুৰবাৰে হাফলং চাৰ্কিট হাউচত এখন সাংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, ডিমা হাছাও, কাৰ্বি-আংলং আৰু পশ্চিম কাৰ্বি-আংলঙৰ ৰাইজে দীৰ্ঘদিনৰ পৰা পৃথক ৰাজ্যৰ দাবী জনায় আহিছে যদিও কেন্দ্ৰই এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই ৷ সেয়ে 2021 চনত কংগ্ৰেছ শাসনলৈ আহিলে পৃথক ৰাজ্য গঠনৰ দাবীক অধিক গুৰুত্ব দিয়া হব।

লগতে পঢ়কঃ ছানছুমা খংগুৰ বিছমুতিয়াৰী অচল পইচাঃ প্ৰমোদ বড়ো

ইয়াৰোপৰি, ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ ৰাইজে "CAA" সমৰ্থন কৰে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক নস্যাৎ কৰাৰ লগতে কংগ্ৰেছৰ জনজাগৰণ যাত্ৰাত ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ ৰাইজ ওলাই আহি "CAA" ৰ বিৰোধীতা কৰা বুলি সংবাদমেলত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। উল্লেখ্য যে, কংগ্ৰেছ দলে 2021 ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলৰ লগত আলোচনা কৰি বিকল্পৰ বাবে চিন্তা-চৰ্চা কৰিব বুলিও প্ৰকাশ কৰে ৰিপুন বৰাই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.